NORTHEAST NOW (Assamese)
অসম

১৩৯ জন পুৰুষৰ বলাৎকাৰৰ বলি ২৫ বছৰীয়া মহিলা, ন্যায় বিচাৰি চাপিলে আৰক্ষীৰ কাষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 3:45 pm
gangrape 2-1598031052

এজন নহয়,দুজন নহয় ১৩৯ জন পুৰুষৰ কামনাৰ বলি হোৱা এগৰাকী দুৰ্ভগীয়া নাৰীয়ে এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে।

তেলেংগানাৰ এই গৰাকী অসহায় মহিলা বলাৎকাৰৰ স্বীকাৰ হৈছিল স্বামী গৃহতেই।

২০০৯ চনত বিবাহপাশত আৱদ্ধ হোৱা ২৫ বছৰীয়া মহিলা গৰাকীক প্ৰথমে বলাৎকাৰ কৰিছিল দেওৰেকে।

এই ঘটনাৰ বিষয়ে স্বামীক অৱগত কৰাৰ পিছতো মহিলা গৰাকীৰ স্বামীয়ে কথাষাৰত গুৰুত্ব দিয়াৰ সলনি মহিলা গৰাকীক অত্যাচাৰ চলাবলৈহে আৰম্ভ কৰে।

স্বামী গৃহৰ বহু কেইজন পুৰুষ সদস্যই বলাৎকাৰ কৰা মহিলা গৰাকীয়ে উপায়ন্তৰ হৈ মাকৰ ঘৰলৈ উভতি আহে। ইয়াৰ পিছতে ২০১০ চনৰ ডিচেম্বৰ মাহত মহিলা গৰাকীৰ বিবাহ বিচ্ছেদ হয়।

কিন্তু ইমানৰ পিছতো ৰেহাই নাপালে মহিলা গৰাকীয়ে। তেলেংগানাৰ নলগণ্ডা জিলা নিবাসী মহিলা গৰাকীৰ ওপৰত স্বামী গৃহৰ বহুতে বলপূৰ্বক চলাই গ’ল যৌন উৎপীড়ণ।

এই কথা প্ৰকাশ কৰিলে মহিলা গৰাকীক হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া হ’ল।

সৰ্বদিশতে আন্ধাৰ দেখা মহিলা গৰাকী পলাই আহিল হায়দৰাবাদলৈ। কিন্তু তাতো নিস্তাৰ নাই।

হায়দৰাবাদতো তেওঁ বহুবাৰ বলাৎকাৰৰ বলি হয়।এনেদৰে ১৩৯ জন পুৰষৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈ মহিলা গৰাকীয়ে কাষ চাপিছে পঞ্জাগুট্টা আৰক্ষী থানাৰ।

বলাৎকাৰী ১৩৯ জন পুৰুষৰ নাম সম্বলিত ৪২ পৃষ্ঠাৰ এজাহাৰ দেখি স্তম্ভিত হৈ পৰিছে আৰক্ষী।

পঞ্জাগুট্টা থানাৰ আৰক্ষী বিষয়া নিৰঞ্জন ৰেড্ডীয়ে প্ৰকাশ কৰা মতে মহিলা গৰাকীক ন্যায় দিবলৈ তেওঁলোক বদ্ধপৰিকৰ।