NORTHEAST NOW (Assamese)
অসম

মালিগাঁৱত পুনৰ বাঘৰ আতংক : নাহৰফুটুকী বাঘৰ আক্ৰমণত নিহত এটি ছবছৰীয়া শিশু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 3:10 pm
index

গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলত নাহফুটুকী বাঘৰ আক্ৰমণত নিহত হৈছে এটি ছবছৰীয়া শিশু।

ঘটনাৰ বিৱৰণীৰ মতে, শুকুৰবাৰে মালিগাঁৱৰ আদিংগিৰি অঞ্চলত সন্ধিয়া ঘৰৰ সন্মুখত লগৰীয়াৰ সৈতে খেলি থকা অৱস্থাত হঠাতে পাহাৰৰ পৰা নামি অহা এটা নাহৰফুটুকী বাঘে এটি শিশুক আক্ৰমণ কৰে।

নাহৰফুটুকীটোৱে শিশুটিক ডিঙিত কামুৰি চুঁচৰাই লৈ যাব খোজতে প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ বাখৰ কৰাত শিশুটিক এৰি পলায়ন কৰে।

নাহৰফুটুকীৰ আক্ৰমণত আহত শিশুটিক সংকটজনক অৱস্থাত ততাতৈয়াকৈ সমীপৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়ত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।

নাহৰফুটুকীৰ আক্ৰমণত নিহত শিশুটিৰ নাম শিৱম কুমাৰ বুলি জানিব পৰা গৈছে।

নাহৰফুটুকীৰ আক্ৰমণত ছবছৰীয়া শিশুটি মৃত্যু হোৱাৰ পিছত অঞ্চলটোত শোকৰ ছাঁহ পৰাৰ সমান্তৰালভাৱে তীব্ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে মালিগাঁৱৰ পাহাৰীয়া অঞ্চলত প্ৰায়ে নাহৰফুটুকী বাঘে মুকলিকৈ বিচৰণ কৰি থকা পৰিলক্ষিত হয়।