NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ কাচাৰ ভ্ৰমণৰ প্ৰতিবাদত শিলচৰত কাচাৰ কাগজ কলৰ কৰ্মীৰ মানৱ-শৃংখল

Posted by: অপর্ণা লস্কৰ December 5, 2018 2:58 pm
IMG_20181205_104947

আজি মুখ্য মন্ত্ৰী সোণোৱালে আগন্তুক পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে কাচাৰ ভ্ৰমণ কৰাৰ সময়তে কাচাৰ কাগজ কলৰ প্ৰায় ২৫০ গৰাকী কৰ্মীয়ে মানৱ-শৃংখল গঢ়ি তুলি প্ৰতিবাদ সাব্যস্ত কৰে। বৰাক উপত্যকাৰ ৩খন জিলাৰ সংযোগস্থল ধলেশ্বৰত মুখ্য মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ প্ৰতিবাদত কাগজকলৰ কৰ্মীসকলে এই মানৱ-শৃংখল গঢ়ি তোলে।

চৰকাৰে কাচাৰ আৰু নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তোলাত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত প্ৰতিবাদী কৰ্মীসকলে মুখ্য মন্ত্ৰী হায় হায়, নৰেন্দ্ৰ মোডী হায় হায় ধ্বনিৰে ধলেশ্বৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।  ৰাষ্ট্ৰপতিৰ নিৰ্দেশকো অমান্য কৰি কাগজ কলৰ কৰ্মীসকলৰ দৰমহাৰ মুঠ ৯০ কোটি টকা ২৪ মাহ ধৰি বন্ধ কৰি ৰখাৰ বাবে দুয়োটা কাগজকলৰ মুৰব্বী দুগৰাকীক দোষী সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে ‘দৰমহা নহ’লে ভোট দিয়া নহ’ব’ বুলিও শ্লেগান দিয়ে। নৰ্থ ইষ্ট নাওৰ আগত হিন্দুস্তান কাগজ কল ৰিভাইভেল একশ্যন কমিটীৰ মুখ্য আহ্বায়ক (HPC Revival Action Committee) মানবেন্দ্ৰ চক্ৰবৰ্তীয়ে কৈছে, ‘‘চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দি আহিছে কিন্তু কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ৩৯গৰাকীতকৈও অধিক কৰ্মচাৰীৰ খাবলৈ নাপাই মৃত্যু ঘটিছে। যদিহে তেওঁলোকে কাগজকল দুটা পুনৰ কাৰ্যক্ষম নকৰে, তেন্তে আগন্তুক নিৰ্বাচনত আমি ভোট দি তেওঁলোকক ক্ষমতাচ্যুত কৰিম।

তেওঁ আৰু কয়, ‘আমি দুয়োগৰাকীকে মিছলীয়া আখ্যা দিছোঁ। ভোট বিচাৰি মুখ্য মন্ত্ৰী বৰাকলৈ আহিছে আৰু আমি ইয়াৰ প্ৰতিবাদত মানৱ-শৃংখল গঢ়ি তুলিছোঁ।

এই কমিটীৰ আহ্বায়ক বাহৰুল ইছলাম বৰভুঞাই নৰ্থ ইষ্ট নাওৰ আগত কৈছে, ‘এটা কাৰ্যক্ষম কল বন্ধ কৰি দি মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰী দুয়োজনেই এই এলেকাটোৰ অৰ্থনীতি স্থবিৰ কৰি তুলিছে। কৰ্মচাৰীসকলৰ অৱস্থা নেদেখিলে বিশ্বাস কৰিব নোৱাৰি।

উল্লেখ্য যে আজি দিনজোৰা কাৰ্যসূচীৰে মুখ্য মন্ত্ৰী সোণোৱালে হাইলাকান্দিৰ কাটলিচেৰা, কৰিমগঞ্জৰ অসীমগঞ্জ আৰু কাচাৰৰ লখিপুৰ জিলাত  পঞ্চায়ত নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰিব হেতুকে এই এলেকাসমূহত কঠোৰ নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হৈছে। কাচাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰা সম্পৰ্কত মুখ্য মন্ত্ৰীগৰাকীয়ে আন কিবা প্ৰতিশ্ৰুতি দিয়ে নেকি সেয়া লক্ষণীয় হ’ব।