NORTHEAST NOW (Assamese)

ৰঙিয়াৰ ঐতিহাসিক জয়ন্তী কালি বিগ্ৰহ মন্দিৰত ২৫২ তম দুৰ্গা পূজা

October 13, 2021 2:31 pm · এন ই নাও নিউজ, গুৱাহাটী

নামনি অসমৰ ভিতৰতে এখন লেখত ল’বলগীয়া ঐতিহাসিক পূজা হ’ল ৰঙিয়াৰ জয়ন্তী কালি বিগ্ৰহ মন্দিৰৰ দুৰ্গা পূজা।

১৭৭০ চনত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহই ইয়াৰে স্থানীয় উপৰিপুৰুষ বিদ্যানন্দ শৰ্মাক বুজৰবৰুৱা উপাধি প্ৰদান কৰি জয়ন্তী কালি বিগ্ৰহ প্ৰদান কৰিছিল।

আনহাতে আহোম স্বৰ্গদেউ পূৰ্ণনন্দ সিংহই ইয়াৰে উপৰিপুৰুষক প্ৰদান কৰিছিল তাম্ৰ ফলিত অভিনন্দন পত্ৰ।

লগতে এই মন্দিৰতে বহু কেইটা ঐতিহাসিক সমল আছে ।সাঁচি পাতৰ ভাগৱত পুথি,সাঁচি পাতৰ কীৰ্তন পুথি,তুলাপাতৰ বংশাৱলী আদি সকলো ইয়াতে সুন্দৰ ভাৱে সংৰক্ষণ কৰি থোৱা আছে।

আনবাৰৰ দৰে এইবাৰো ইয়াতে আয়োজন কৰা হৈছে দুৰ্গা পূজা।কোনো ধৰণৰ জাক জমকতা নথকা এই পূজা থলিত কেৱল আধ্যাত্মিকতা বিচাৰি পাব ভক্তপ্ৰাণ ৰাইজে।

সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে এই পূজা খন প্ৰত্যক বছৰে পালন কৰি আহিছে স্থানীয় পূজা কমিটিখনে।

Related News