NORTHEAST NOW (Assamese)
অসম

বিজেপিত যোগদান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ‘গুৰুত্বহীন’ মুখ্য সাংগঠনিক সম্পাদকসহ ২৬ সদস্যৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 31, 2020 3:54 pm
KMSSS Final

শিল্পীৰ পিছে পিছে এইবাৰ বিজেপিৰ নিৰ্বাচনী টোপ গিলিবলৈ আৰম্ভ কৰিছে জাতীয় সংগঠনৰ বহু নেতা-সদস্যই।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পদত্যাগী বহু নেতা তথা সদস্যই আজি আনুষ্ঠানিকভাৱে গেৰুৱা সাজ পিন্ধে।

কিছু দিন পূৰ্বলৈকে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপিক নানা ৰকমে কটাক্ষ কৰি ৰাজপথ কঁপাই তোলা একাংশ নেতা-কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক লেখন হাজৰিকা, লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈ, লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বাপধন মিৰিকে ধৰি মুঠ ২৬ গৰাকীয়ে আজি গেৰুৱা দলৰ সৈতে চামিল হয়।

বিজেপিত যোগদান কৰি লেখন হাজৰিকাই নিজৰ গুৰুত্ব কৃষক মুক্তি সংগ্ৰাম সমিতিত নোহোৱা হ’ল বুলি সদৰী কৰে।

তেওঁ কয় ‘মই ২০০৮ চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলো। পুৰণা হৈ অহাৰ লগে লগে পুৰণাখিনিক দলীয় নেতৃত্বই বাদ দিয়ে, নতুন নেতৃত্বক গুৰুত্ব দিয়ে। গুৱাহাটীত যি হৈ থাকে সেয়া গাঁৱৰ লোকে গম নাপায়। সমন্বয়, সহায় সহযোগিতা পুৰণা হৈ অহাৰ লগে লগে কমি যায়। তেনেকুৱা ঠাইত থকাকৈ নথকাই ভাল।‘

ইপিনে, কিছুদিন পূৰ্বলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত ‘কা’ বিৰোধী আন্দোলন কৰি বিজেপিক কটাক্ষ কৰি থকা নেতাৰ মুখতো অভিনেতা যতীন বৰাৰ দৰে ‘আৱেগিক’ হৈ আন্দোলন কৰা বুলিহে উচ্চাৰিত হয়।

‘আজিৰ দিনটোলৈকে অসমৰ কোনো এখন ঠাইত ‘কা’ৰ জৰিয়তে বহিৰাগত লোক আনি সংস্থাপন দিয়া বুলি শুনা নাই। এতিয়া ‘কা’ আইনখন সমৰ্থন কৰিম। বিভিন্ন সংবাদ মাধ্যমত ওলাই আছিল যে দুই কোটি ডেৰ কোটি বাংলাদেশী আহিব বুলি হিচাপ দি আছিল। সকলো ৰাইজ ওলাই অহা বাবে আৱেগিক হৈ ময়ো ওলাই আহিছিলো। জনসাধাৰণৰ বাবে কৰিছে যিহেতু ভালেই হ’ব আইনখন।‘ লেখন হাজৰিকাই এইদৰে কয়।

ইপিনে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু বিয়াগোম নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি দাবী কৰে প্ৰাক্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা বৰ্তমানৰ বিজেপিৰ পেনেলিষ্ট হিৰণ্য পাঠৰীয়ে।

তেওঁ কয় ‘কৃষক মুক্তিৰ বহু বিয়াগোম নেতাই কৃষক মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল গঠন হোৱাৰ পূৰ্বে সৰহ সংখ্যক নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। অখিল গগৈৰ সোঁহাত-বাঁওহাত আৰু কেন্দ্ৰীয় বহু বিয়াগোম নেতাই যোগদান কৰিব। বৰ্তমানো আলোচনা চলি আছে। আজি এয়া আৰম্ভণিহে মাথো।‘