NORTHEAST NOW (Assamese)
অসম

জাৰ্মানীৰ বৰদিনৰ বজাৰত গাড়ীৰ তলত পৰি পিষ্ট সাধাৰণ নাগৰিক, বিশ্বজুৰি গৰিহণাৰ জোৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2024 11:04 am

জাৰ্মানীত পুনৰ খ্ৰীষ্টমাছ মাৰ্কেটত গাড়ী চলাই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে সন্ধিয়া চেক্সন-আনহাল্ট ৰাজ্যৰ ৰাজধানী মেগডেবাৰ্গত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। এই ঘটনাত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ জন লোক আহত হয়।

এই আক্ৰমণৰ পিছত জাৰ্মান আৰক্ষীয়ে আটক কৰে এজন ছৌদি আৰৱৰ নাগৰিকক। আৰক্ষীয়ে জনোৱা মতে, ২০০৬ চনৰ পৰা তেওঁ জাৰ্মানীত বাস কৰি আছে। শেহতীয়াকৈ তেওঁ বাৰ্নবাৰ্গত চিকিৎসক হিচাপে কাম কৰিছিল।

তেওঁৰ বয়স ৫০ বছৰ। তেওঁৰ নাম তালেব। তেওঁ মনোৰোগ বিশেষজ্ঞ হিচাপেও কাম কৰে। ছৌদি আৰবে এই আক্ৰমণক গৰিহণা দিছে।

২৫ ডিচেম্বৰ বৰদিনৰ আগতে সমগ্ৰ ইউৰোপৰ সৰু-বৰ চহৰবোৰত ‘খ্ৰীষ্টমাছ মাৰ্কেট’ এক প্ৰাচীন পৰম্পৰা। বৰদিনৰ আগৰ উৎসৱমুখৰ পৰিৱেশত এই বজাৰসমূহত হাতেৰে তৈয়াৰী সামগ্ৰী, শীতকালীন কাপোৰ, কেক আৰু মিঠাই আৰু বিভিন্ন ধৰণৰ পানীয় বিক্ৰী হয়। বিভিন্ন ধৰণৰ সংগীত অনুষ্ঠান অনুষ্ঠিত হয়।

শুকুৰবাৰে সন্ধিয়া মেগডেবাৰ্গৰ বৰদিনৰ বজাৰত ভিৰ হৈছিল। সন্ধিয়া ৭ বজাৰ কিছু সময়ৰ পাছতে এজন গাড়ীচালকে মানুহৰ ভিৰৰ মাজেৰে প্ৰায় ৪০০ মিটাৰ গাড়ী চলাই বজাৰখনত প্ৰৱেশ কৰে। তেতিয়াই সংঘটিত হ’ল এই কৰুণ ঘটনা।

আক্রমণকাৰী সন্ত্ৰাসবাদী নেকি সেই সন্দৰ্ভতো কোনো তথ্য তেওঁলোকৰ হাতত নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। অৱশ্যে তদন্ত অব্যাহত আছে। আক্ৰমণৰ পিছতে মেগডেবাৰ্গ আৰক্ষীয়ে অঞ্চলটো ঘেৰি ধৰে।

মেগডেবাৰ্গৰ মেয়ৰ ছাইমন বৰিছে এই কাণ্ডত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কেতিয়াও ভাৱিব পৰানাছিল যে মেগডেবাৰ্গ চহৰত এনেকুৱা এটা ঘটনা ঘটিব।