NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত পুনৰ ২৬ গৰাকী বি এছ এফৰ জোৱান কোভিড-১৯ প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 6:49 pm
Story-2-8-1140x570

শুকুৰবাৰে মেঘালয়ত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১২১ গৰাকীলৈ বৃদ্ধি পায়।

নতুনকৈ ২৬ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছতে মেঘালয়ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

শুকুৰবাৰে মেঘালয়ত ক’ৰ’না আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোক ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান।

‘‘বি এছ এফৰ আৰু ২৬ গৰাকী লোক ক’ৰ’না প’জিটিভ হৈছে। ৰাজ্যত মুঠ ক’ৰ’না আক্ৰান্ত সংখ্যা ১২১ গৰাকীলৈ বৃদ্ধি পালে, সুস্থ হোৱা লোকৰ সংখ্যা ৪৫,’’ মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইটাৰ যোগে কয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰেও ৩৮ গৰাকী বি এছ এফৰ জোৱান মেঘালয়ত ক’ৰ’না সংক্ৰমিত হৈছিল।

মেঘালয়ত বি এছ এফৰ জোৱান ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে উমপ্লিঙত থকা বি এছ এফৰ মুখ্য কাৰ্য্যালয়ত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

ৰাজ্যখনৰ বি এছ এফৰ মুখ্য কাৰ্য্যালয়ৰ পৰা বি এছ এফৰ জোৱান সকলক ৰাজহুৱা স্থানত অংশ নলবলৈ আৰু কোনোধৰণৰ অনুষ্ঠান আৰু ফাংছনত অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।