NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত একে স্থানতে ২৭ জন ক’ভিড-১৯ পজিটিভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 30, 2020 3:27 pm
শিৱসাগৰত একে স্থানতে ২৭ জন ক’ভিড-১৯ পজিটিভ

শিৱসাগৰৰ থানামুখৰ পুৰণা চক বজাৰ পথত আজি একেলগে ২৭ জনৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে দেওবাৰে পুৰণা চক বজাৰ পথৰ ভাৰাঘৰত থকা অঞ্জন চেতিয়া নানৰ এজন ব্যক্তিৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰাত চৌহদটোৰ বহুকেইটা পৰিয়ালক হোম কুৱাৰেন্টাইন কৰি কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে।

উল্লেখ্য যে উক্ত চৌহদত একেটা পৰিয়ালৰ বহু কেইটা ঘৰ থকাৰ উপৰি প্ৰায় ২০ টা মান ভাৰাঘৰ আছিল।

আজি স্বাস্থ্য বিভাগৰ দল এটা উক্ত চৌহদত উপস্থিত হৈ তাত থকা ব্যক্তি সকলক ৰেপিড এন্টিজেন টেষ্ট কৰাত একে লগে ২৭ জনৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰে।

জানিব পৰা মতে অঞ্জন চেতিয়া নামৰ ব্যক্তিজন যোৱা সপ্তাহত নগাঁৱৰ পৰা শিৱসাগৰৰ পুৰণা চক বজাৰ পথত ভাৰাতীয়া হিচাপে থকা ভিনিয়েকৰ ঘৰলৈ আহিছিল আৰু শ্বাৱ টেষ্টত তেওঁৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছিল।

শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো চেনিটাইজ কৰিছে।