NORTHEAST NOW (Assamese)
অসম

নাছাই প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ ৰোভাৰৰ সৈতে প্ৰেৰণ কৰিছে হেলিকপ্টাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 3:03 pm
nasa-mars-2_073020094320 new

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই বৃহস্পতিবাৰে তেওঁলোকৰ মংগল অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ বিশেষ দিশটো হৈছে যে ইয়াত এখন ৰোভাৰৰ সৈতে এখন ড্ৰোণ হেলিকপ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ৰোভাৰ মংগল গ্ৰহত বিচৰণ কৰিব আৰু হেলিকপ্টাৰে তাত উৰি থাকি তথ্য সংগ্ৰহ কৰিব।

নাছাৰ মংগল অভিযানৰ নাম হৈছে প্ৰিজাৰ্ভেন্স মাৰ্ছ ৰোভাৰ এণ্ড ইনজেনুটি হেলিকপ্টাৰ।

প্ৰিজাৰ্ভেন্স মাৰ্ছ ৰোভাৰ ১০০০কিলোগ্ৰাম ওজনৰ আৰু হেলিকপ্টাৰৰ ওজন হৈছে ২ কিলোগ্ৰাম।

এই ৰোভাৰ পৰমানু শক্তিৰে চলিব। এই ৰোভাৰে মংগল গ্ৰহত ১০বছৰ পৰ্যন্ত কাম কৰিব।

ইয়াত ৭ফুটৰ ৰব’টিক আৰ্ম, ২৩টা কেমেৰা আৰু এটা ড্ৰিল মেছিন থাকিব। ই মংগল গ্ৰহৰ ছবি, ভিডিঅ’ আৰু নমুনা সংগ্ৰহ কৰিব।

প্ৰিজাৰ্ভেন্স মাৰ্ছ ৰোভাৰ এণ্ড ইনজেনুটি হেলিকপ্টাৰে মংগল গ্ৰহত কাৰ্বনডাই অক্সাইডৰ পৰা অক্সিজেন তৈয়াৰ কৰাৰ কাম কৰাৰ লগতে বতৰৰ অধ্যয়ন চলাব যাতে ভৱিষ্যতে মংগল গ্ৰহলৈ যাবলগীয়া এষ্ট্ৰনাটৰ বাবে সহজ হৈ পৰে।

ৰোভাৰত থকা মাৰ্ছ এনভাৰনমেন্টল ডায়নেমিক্স এনালাইজাৰে মংগল গ্ৰহত মানুহৰ বসতিৰ উপযোগী হয় নে নাই সেই কথা জনাব।

উল্লেখ্য যে ভাৰতীয় মূলৰ এগৰাকী স্কুলীয়া ছাত্ৰ বনীজা ৰূপানিয়ে হেলিকপ্টাৰৰ ইনজেনুটি নামটো দিছে।

নাছাই জানিবলৈ দিয়ে যে মংগলৰ পৰিৱেশত এই সৰু হেলিকপ্টাৰখন ইয়াৰ ভূপৃষ্ঠৰ পৰা ১০ফুট উচ্চতালৈ উঠি এবাৰত ৬ফুট পৰ্যন্ত উৰিব।

বিগত ১১দিনত দুখন দেশে মংগললৈ তেওঁলোকৰ অভিযান পঠিয়াইছে। এতিয়া আমেৰিকাইয়ো এই অভিযান আৰম্ভ কৰিলে।

১৯ জুলাইত সংযুক্ত আৰৱ এমেৰিটাছে মিশ্যন হোপ প্ৰেৰণ কৰিছিল আৰু ২৩ জুলাইত চীনে তিয়ানৱেন-১ মাৰ্ছ মিশ্যন প্ৰেৰণ কৰে।