NORTHEAST NOW (Assamese)
Popular Stories

অযোধ্যাৰ ভূমি পূজনৰ পুৰোহিতেই আক্ৰান্ত হ’ল ক’ৰ’ণাত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 2:56 pm
Ram-Mandir_web

উত্তৰ প্ৰদেশৰ অযোধ্যাত মহা আড়ম্বৰেৰে ৫ আগষ্টৰ দিনা কৰা হ’ব ৰাম মন্দিৰৰ ভূমি পূজন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থকিব উক্ত ভূমি পূজন অনুষ্ঠানত।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানক লৈ দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে ভূমি পূজনৰ এজন প্ৰধান পুৰোহিত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জ্বৰ,কাঁহ আদি উপসৰ্গত ভুগি থকা প্ৰধান পুৰোহিত গৰাকীৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ পিছতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।

খোদ পুৰোহিতেই ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত তেওংৰ সংস্পৰ্শলৈ অহা আন পুৰোহিত সকলো ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে।

এনে পৰিস্থিতিত ক’ৰ’ণাই ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানত বিঘিনি ঘটোৱাৰ আশংকা কৰিছে বহু জনে।

লক্ষ্যণীয় কথাটো হ’ল অযোধ্যাৰ যি স্থানত ভূমিপূজন কৰা হ’ব সেই স্থানৰ ৰিৰাপত্তাৰ দায়িত্বত থকা ১৬ জনকৈ নিৰাপত্তাৰক্ষী ইতিমধ্যে ক’ৰ’ণাত আক্ৰান্ত হৈছে।

সেই বাবেই ভূমিপূজন বন্ধ কৰিবলৈ দিল্লীৰ এজন সাংবাদিকে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও আদালতে সেয়া নাকচ কৰিছে।