NORTHEAST NOW (Assamese)
অসম

ৰিকি পণ্টিঙৰ তুলনাত এম এছ ধোনীক সবাটোকৈ সফল অধিনায়ক আখ্যা আফ্ৰিদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 2:46 pm

অধিনায়ক হিচাপে প্ৰায় সকলোবোৰ সফলতাই অৰ্জন কৰা মহেন্দ্ৰ সিং ধোনী বৰ্তমান ক্ৰিকেট জগতৰ পৰা আঁতৰি থাকিলেও তেওঁৰ বিষয়ে চৰ্চা চলি আছে সংবাদ মাধ্যমত।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সবাটোকৈ সফল অধিনায়ক হিচাপে বিভিন্ন সময়ত বিভিন্ন জনৰ নাম উচ্চাৰিত হৈ আহিছে যদিও পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ ছাহিদ আফ্ৰিদীৰ মতে ধোনীয়ে সৰ্বশ্ৰেষ্ঠ অধিনায়ক।

এম এছ ধোনী আৰু ৰিকি পণ্টিঙৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ অধিনায়ক কোন বুলি কৰা এটা প্ৰশ্নৰ উত্তৰত আফ্ৰিদীয়ে ধোনীৰ নামটো লয়।

আফ্ৰিদীয়ে কয় যে পণ্টিঙৰ তুলনাত ধোনী সৰ্বশ্ৰেষ্ঠ কিয়নো তেওঁ এটা যুৱ প্ৰতিভাৰে ভৰা দল তৈয়াৰ কৰিছিল।

এম এছ ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক যাৰ নেতৃত্বত ভাৰতে আই চি চিৰ তিনিওটা ডাঙৰ টুৰ্ণামেণ্ট বিজয়ী হৈছিল।

উল্লেখ্য যে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক সৌৰভ গাংগুলীৰ নেতৃত্বত অভিষেক ঘটা ধোনীৰ কেৰিয়াৰৰ আৰম্ভণি সুখকৰ নাছিল। কিন্তু পাকিস্তানৰ বিৰুদ্ধে এখন মেচত খেলা দুৰ্দান্ত ইনিংছৰ পিছৰে পৰা তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল।

২০০৭ বৰ্ষত শচীন টেণ্ডুলকাৰৰ পৰামৰ্শমতে ধোনীক ভাৰতীয় দলৰ নেতৃত্ব প্ৰদান কৰা হৈছিল আৰু সেই বছৰে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছিল ভাৰতে।

ইয়াৰ পিছত তেওঁৰ নেতৃত্বতে ২৮ বছৰৰ মূৰত ২০১১ এদিনীয়া বিশ্বকাপৰ খিতাপ আৰু ২০১৩ বৰ্ষৰ চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন হৈছিল।

স্মৰ্তব্য যে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলতো ধোনীয়ে বৃহৎ সফলতা অৰ্জন কৰি থৈছে।