নাগালেণ্ডত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৩৭১৪ গৰাকীলৈ বৃদ্ধি; ২৮ গৰাকী লোক নতুনকৈ সংক্ৰমিত
নাগালেণ্ডত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৩৭১৪ গৰাকীলৈ বৃদ্ধি পাইছে।
বিগত ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ২৮ গৰাকী লোক নতুনকৈ ক’ৰ’না আক্ৰান্ত হৈছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰী কৰিছে।
নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে টুইটাৰযোগে এই কথা প্ৰকাশ কৰি শেহতীয়াভাৱে পৰীক্ষা কৰা ৫৮৭ টা নমুনাৰ ভিতৰত ২৮ টা নমুনাৰ ফলাফল প’জিটিভ আহে বুলি উল্লেখ কৰে।
নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২৮ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী কহিমা, দুগৰাকী ডিমাপুৰ আৰু এগৰাকীকৈ ক্ৰমে লংলেঙ আৰু জুনহেবটো জিলাৰ।
আনহাতে, ৰাজ্যখনত ১০২ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী বিগত সময়ছোৱাত ৰাজ্যখনত সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
সুস্থ হৈ উঠা ১০২ গৰাকী লোকৰ ভিতৰত ৮৫ গৰাকী ডিমাপুৰৰ আৰু ১৭ গৰাকী কহিমাৰ।
নাগালেণ্ডত এতিয়ালৈ মুঠ ২,৩৯৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠাৰ বিপৰীতে ১,৩০১ গৰাকী লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ৰাজ্যখনত এতিয়ালৈ ৮ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।