NORTHEAST NOW (Assamese)

অৰুণাচলত হোৱা মুষলধাৰ বৰষুণত গোগামুখত অৰ্ধশতাধিক গাঁও জলমগ্ন

June 23, 2018 1:28 pm · এন ই নাও নিউজ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত প্ৰায় কেইদিনমান ধৰি চলি থকা মুষলধাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে উত্তৰ অসমৰ কেইবাখনো নদী৷

উল্লেখযোগ্য যে ফেনে ফোটোকাৰে ওফন্দি অহা গেৰমেৰ নৈৰ পানীয়ে কালি বিচ্ছিন্ন কৰে গোগামুখ- মইনাপৰা- কৌপাতনী-নলবাৰী সংযোগী গড়কাপ্তানী পথ। মিংমাং, নলবাৰী, জয়ৰামপুৰলৈ যোৱা গড়কাপ্টানী পথৰ বদতি জানত থকা পকী দলংখনৰ মূৰৰ অংশ বাঢ়নী পানীয়ে খহাই নিয়াৰ ফলত পথ যোগাযোগ যি কোনো মুহূৰ্ততে বিচ্ছিন্ন হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷

আনহাতে ইয়াৰ ফলত অসম- অৰুণাচল সীমান্তৱৰ্তী হাজাৰ হাজাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম জীয়াতু ভুগিব লগীয়া হৈছে৷

তদুপৰি গেৰমেৰ নৈৰ বাঢ়নী পানীয়ে আজি নলবাৰী পঞ্চায়তৰ ১নং মানিষপুৰ, ২নং মানিষপুৰ, ১নং নাৰায়ণপুৰ, ২নং নাৰায়ণপুৰ, এজাৰগুৰি, কাঁছীগুৰি, মধ্যমিঙমাৰ পঞ্চায়তৰ ভেকেলী, অগুৰি, টাইগাৰ গুৰি, বামচেনিয়া, মাজগাঁও, মাজৰবাৰী, কৌপাতনী আদি অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ আনহাতে জীয়াঢল-কুমতীয়াৰ বাঢ়নী পানীয়ে ১নং খনা কৃষ্ণপুৰ, ২নং খনা কৃষ্ণপুৰ, গুড়ৰথালি, বগলীজান, পানীমেৰানী, মাজগাঁও, বুঢ়াকুঢ়ী, লতাক পঞ্চায়তৰ অন্তৰ্গত বেৰভঙা, লালুকীয়া, চুতীয়াকাৰী, বৰদৈ আদি অৰ্ধ শতাধিক গাঁও বুৰাই পেলোৱাৰ ফলত বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

আশ্চৰ্যজনকভাৱে বন্যাৰ্ত ৰাইজৰ সাহায্যৰ ক্ষেত্ৰত কিন্তু চৰকাৰ- প্ৰশাসনে এইপৰ্যন্ত বিশেষ তত্‍পৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বন্যাৰ্তসকলক জিলা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান নধৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বানাক্ৰান্তই৷ একেদৰে খাদ্যৰ অভাৱত বানাক্ৰান্ত অঞ্চলসমূহৰ পশুধনৰো অৱস্থা পানীত হাঁহ নচৰা ধৰণৰ হৈছে। এইক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ হ’ব।

Related News