NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ দলত যোগদান বিজেপি-কংগ্ৰেছৰ নেতাকে ধৰি বিশিষ্ট সমাজকৰ্মী আৰু শিক্ষাবিদৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2023 9:35 pm

আজি যোৰহাটৰ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। 

উক্ত সভাত ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিখন পুনৰ গঠনৰ লগতে ৰাইজৰ দলত যোগদানৰ এক কাৰ্যসূচীও অনুষ্ঠিত হয়। 

ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত আৰু অনুপ্ৰাণিত হৈ জিলাখনৰ প্ৰাক্তন বিজেপি নেতা হৰেন দত্ত, শিক্ষাবিদ অৰ্গেশ্বৰ টাই, সমাজকৰ্মী মানস শৰ্মা, কংগ্ৰেছ নেতা প্ৰকাশ বৰুৱা, প্ৰাক্তন সেনা বিষয়া প্ৰফুল্ল শইকীয়া, সমাজকৰ্মী জিতু দুৱৰা, সূৰ্য্য বৰদলৈ, ৰাজু বৰফুকন, দীপক শইকীয়া, নিলীমা দাস, বহ্নিমান বৰদলৈ , টিকেন্দ্ৰজিত দত্তকে প্ৰমুখ্যে কৰি ২৯ জন বিশিষ্ট লোকে আজি ৰাইজৰ দলত যোগদান কৰে। 

ৰাইজৰ দলৰ জিলা সভাপতি প্ৰদীপ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, উপ-সভাপতি হৰেশ্বৰ বৰ্মণ, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, সম্পাদক বিজিত দত্ত, অনুপ বৰপাত্ৰগোঁহাই, মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তী, তথ্য আৰু প্ৰচাৰ সম্পাদক  দেবাংগ সৌৰভ গগৈ, সাংগঠনিক সম্পাদক বিশ্বজিৎ বৰুৱা, সহ সম্পাদক ছাহজাহান আলি, কাৰ্যকৰী সদস্য সোণেশ্বৰ পাটোৱাৰী, যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰা আৰু সাধাৰণ সম্পাদক সুব্ৰত দত্ত উপস্থিত থাকে। 

উক্ত সভাতে অধ্যাপক ড০ প্ৰদীপ সৰকাৰ সভাপতি, গীতাঞ্জলি গগৈক কাৰ্যকৰী সভাপতি, ৰোহিনী কুমাৰ টাইয়ে, প্ৰদীপ দাস, প্ৰাঞ্জল বৰা, প্ৰকাশ বৰুৱা, জয়ন্ত ৰাজকুমাৰক উপ-সভাপতি আৰু পাপৰি গগৈ, প্ৰমোদ গগৈ, হৰেন দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ কাৰ্যনিবাহক সমিতিখন চল্লিশজনীয়াকৈ পুনৰ গঠন কৰা হয়।