NORTHEAST NOW (Assamese)

ইস্তানবুলত ভয়ংকৰ অগ্নিকাণ্ডঃ নাইট ক্লাৱত সংঘটিত অগ্নিকাণ্ডত ২৯ জনৰ মৃত্যু

April 2, 2024 9:37 pm · এন ই নাও নিউজ, গুৱাহাটী

এক ভয়ানক অগ্নিকাণ্ডই মৃত্যুলীলা চলালে তুৰস্কৰ ইস্তানবুলত। এক ১৬ মহলীয়া ভৱনত থকা নাইট ক্লাৱত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে ২৯ জন লোকে।

অগ্নিকাণ্ডত আহত আন এজন ব্যক্তি এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, প্ৰায় ১২:৪৭ বজাত ক্লাৱটোত জুই লাগিছিল আৰু মুহূৰ্তৰ ভিতৰতে এই জুইয়ে ছানি ধৰিছিল ক্লাৱটো।

কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী।

ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা এক বিবৃতিত সদৰী কৰা মতে, প্ৰথম আৰু দ্বিতীয় মহলাত নিৰ্মাণকাৰ্যৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হৈছিল।

গৃ্হমন্ত্ৰী আলী য়েৰলিকায়াই এক টুইট যোগে এই ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

অগ্নিকাণ্ডৰ সৈতে জড়িত ঘটনাস্থলীৰ পৰা ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

Related News