NORTHEAST NOW (Assamese)
অসম

নাৰকীয়: মাহৰ পিছত মাহ ধৰি কিশোৰীক ধৰ্ষণ ২৯ টা নৰপিশাচৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 24, 2021 6:14 pm

এক নাৰকীয় ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে।

মহাৰাষ্ট্ৰত এগৰাকী ১৫ বছৰীয়া কিশোৰীক ২৯ জনকৈ লোকে ৯ মাহ ধৰি গণ ধৰ্ষণ কৰাৰ ঘটনাই কঁপাই তুলিছে প্ৰতিজন সচেতন লোকৰ হৃদয়।

বন্ধুৰ বেশত থকা এজন যুৱকে প্ৰথমে মহাৰাষ্ট্ৰ থানেৰ উক্ত কিশোৰীগৰাকীক বলাৎকাৰ কৰে আৰু সেই ঘটনাৰ সমগ্ৰ দৃশ্য ৰেকৰ্ডিং কৰি থয়।
ইয়াৰ পিছতে কিশোৰীগৰাকীক ৰেকৰ্ডিং কৰা ভিডিঅ’ ৰাজহুৱা কৰি দিয়াৰ ভয় দেখুৱাই ২৯ জনকৈ লোকে বলাৎকাৰ কৰে।

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই কিশোৰীগৰাকী বলাৎকাৰৰ বলি হৈ আহিছে।

২২ ছেপ্তেম্বৰ পৰ্যন্ত ২৯ জন লোকৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকীয়ে অৱশেষত আৰক্ষীৰ কাষ চাপে।

থানেৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত দত্তৰায় কাৰালে প্ৰকাশ কৰা মতে ২৯ জন অভিযুক্তৰ ভিতৰত দুগৰাকী নাবালকো আছে।

কিশোৰীগৰাকীৰ পৰা অভিযোগ পোৱাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি ২৩ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰীগৰাকীক ভিডিঅ’ ৰাজহুৱা কৰাৰ ভয় দেখুৱাই মহাৰাষ্ট্ৰৰ দম্বিভালি,মুৰবাদ,বজলাপুৰ আদি অঞ্চলত বলাৎকাৰ কৰা হৈছিল।

বলাৎকাৰ কৰাৰ প্ৰতিটো দৃশ্য নৰ পিশাচ কেইটাই কেমেৰাত বন্দী কৰি ৰাখিছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল নাবালিকাগৰাকীক বলাৎকাৰ কৰা প্ৰায় সংখ্যক লোকেই নাবালিকাগৰাকীৰ পৰিচিত লোক।

ইতিমধ্যে নাবালিকাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু চিকিৎসকে যাৱতীয় স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।

আৰক্ষীয়ে বাকী কেইটা নৰপিশাচক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান তীব্ৰ কৰি তুলিছে।