NORTHEAST NOW (Assamese)

এনআৰচিত বহু বিদেশীৰ নাম অন্তর্ভুক্ত হৈছে : অতুল বৰা

June 28, 2018 12:15 pm · এন ই নাও নিউজ

অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ দলিল হিচাপে বিবেচিত এনআৰচিত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিজেপিৰ জ্যেষ্ঠ বিধায়ক অতুল বৰাই।

এনআৰচিয়ে চিনাক্ত কৰা বাংলাদেশীসকলক বাংলাদেশলৈ পঠিওৱাৰ কি ব্যৱস্থা গ্রহণ কৰিছে বুলি প্রশ্ন কৰিছে দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাই৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেতবোৰ কাম-কাজৰ লগতে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে কৰা চেষ্টাৰ বিৰুদ্ধে মুকলিকৈ প্রতিবাদ জনোৱা বিজেপিৰ জ্যেষ্ঠ বিধায়কজনে এনআৰচি প্রস্তুতিত সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰিছে৷

কালি সংবাদ মাধ্যমৰ আগত বিধায়ক বৰাই কয় যে এনআৰচিত বহু বিদেশীৰ নাম অন্তর্ভুক্ত হৈছে৷ যদি ১০ লাখ বিদেশীৰ নাম বাদ পৰে, তেন্তে ৩০ লাখ সন্দেহযুক্ত লোকৰ নাম এনআৰচিত সোমাব৷ তেওঁ কয় যে এনআৰচিৰ কামত নিয়োজিত কর্মচাৰীসকলে নিষ্ঠাৰে কাম কৰিলেও সুৰুঙা থাকি গৈছে৷ থাকি যোৱা সুৰুঙাত সন্দেহযুক্ত নাগৰিকৰ নাম অন্তর্ভুক্ত হৈছে৷

অসম চুক্তি অনুসৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচি প্রস্তুতৰ ক্ষেত্রত বিভিন্ন দল-সংগঠনসমূহ সজাগ হৈ আছে যদিও চিনাক্ত বাংলাদেশীসকলৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰা হ’ব সেই বিষয়ত কোনোধৰণৰ তৎপৰতা ৰাজ্য তথা কেন্দ্রীয় চৰকাৰে লোৱা নাই বুলিও অভিযোগ কৰে বৰাই ৷

আনহাতে সমাগত লোকসভা নির্বাচন প্রসংগত জ্যেষ্ঠ বিধায়কজনে কয় যে মিত্রজোঁটে কিমানখন আসন পাব সেই কথা আগতীয়াকৈ কোৱাটো টান কাম৷ ভাৰতীয় ৰাজনৈতিক প্রেক্ষাপটে অসমৰ ৰাজনীতিতো প্রভাৱ পেলাব৷ অসমত ১৪খন লোকসভাৰ আসন পাম বুলি বিজেপিৰ নেতৃবৃন্দই মনোবল বৃদ্ধি কৰিবলৈ কৈছে৷

 

Related News