NORTHEAST NOW (Assamese)

কৃষকে ধানৰ পৰিৱর্তে পতান পোৱাৰ উচিত বিচাৰ হ’ব: মন্ত্ৰী অতুল বৰাৰ আশ্বাস

July 1, 2018 12:37 pm · এন ই নাও নিউজ
অগপ সভাপতি অতুল বৰাৰ ফাইল ফটো

অসমৰ ভিন্ন স্থানৰ কৃষকে ধানৰ পৰিৱর্তে পতান পোৱাক লৈ চলি থকা বিতৰ্কই জোকাৰি গৈছে অসম চৰকাৰক। এই বিতৰ্কৰ মাজতে বিষয়টোৰ উচিত বিচাৰ কৰাৰ প্রতিশ্রুতি দিছে কৃষি মন্ত্রী অতুল বৰাই৷

ইতিমধ্যে সংশ্লিষ্ট সচিবগৰাকীক তদন্তৰ দায়িত্ব অর্পণ কৰাৰ পাছত এতিয়া তদন্তৰ প্রতিবেদনলৈ অপেক্ষা কৰিছে মন্ত্রী বৰাই৷

বিষয়টো সন্দৰ্ভত কৃষি মন্ত্রী বৰাই আজি সাংবাদিকৰ আগত কয় যে তদন্তৰ প্রতিবেদন পালে উচিত বিচাৰ কৰা হ’ব৷ চৰকাৰে যোগান ধৰা সঁচ ব্যৱহাৰ কৰি কৃষকে পতান পোৱাত গভীৰ উদ্বেগ ব্যক্ত কৰি মন্ত্রী বৰাই কয় যে ইতিমধ্যে তেওঁ কৃষি বিশ্ববিদ্যালয়ৰ লগত আলোচনা কৰিছে৷ এই সন্দর্ভত আলোচনা কৰাৰ কথা সদৰী কৰি এতিয়াৰ পৰা বীজ বিতৰণৰ পূর্বে বিভাগক আগতীয়াকৈ চোৱা-চিতা কৰিবলৈ নির্দেশ দিয়া হ’ব বুলিও সদৰী কৰে মন্ত্ৰী বৰাই৷

বীজ বিতৰণৰ পূর্বে সঠিক নিৰীক্ষণৰ অভাৱতো কৃষক ক্ষতিগ্রস্ত হয় বুলি উল্লেখ কৰি তেওঁ কোনো কোনো অঞ্চলৰ কৃষকে ধানৰ পৰিৱর্তে পতান পোৱাৰ কথা একপ্রকাৰ স্বীকাৰ কৰে৷ অৱশ্যে এই ক্ষেত্রত যাৱতীয় পদক্ষেপ গ্রহণ কৰি কৃষকক সকাহ দিয়াৰ ব্যৱস্থা গ্রহণৰো আশ্বাস দিয়ে৷ আনহাতে অচিৰেই মুখ্যমন্ত্রীৰ গ্রাম্য উন্নয়ন আঁচনিৰ অধীনত কৃষক গোটক ট্রেক্টৰ যোগান ধৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ এই সন্দর্ভত সকলো জিলা কৃষি বিষয়াক নির্দেশ দিয়াৰ কথা উল্লেখ কৰে৷

Related News