NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ভূমিকম্প: ৩.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল অসম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2023 5:39 pm
earthquake hit Assam

আজি বিয়লি ৩.৭ প্ৰাবল্যৰ এক মৃদু ভূমিকম্পই জোকাৰি যায় অসম। স্থানীয় সময় অনুসৰি আবেলি ৪.৫২ বজাত গুৱাহাটীৰ উপকণ্ঠত ভূমিকম্পটোৰ উৎপত্তি হয়।

এক টুইট যোগে National Center for Seismology (NCS) – এ সদৰী কৰা তথ্য অনুসৰি ভূমিকম্পটোৰ গভীৰতা আছিল প্ৰায় ১০ কিলোমিটাৰ।

বিভাগৰ তথ্য অনুসৰি ভূটান আৰু বাংলাদেশৰ কিছু অংশৰ উপৰিও চুবুৰীয়া মেঘালয়ৰ ৰি-ভোই জিলাতো ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভূত হয়।

 

অৱশ্যে, ভূমিকম্পটোৰ ফলত কোনো ক্ষতি বা হতাহত হোৱাৰ কোনো তাৎক্ষণিক খবৰ এইপৰ্যন্ত পোৱা নাই।