NORTHEAST NOW (Assamese)
উত্তৰ-পূব

অতিপাত গৰম ! ২৩ এপ্ৰিললৈকে বন্ধ থাকিব সকলো বিদ্যালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2023 6:03 pm

চৰম গৰমৰ বাবে ত্ৰিপুৰা চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা ১৮ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ ৰাজ্যখনৰ সকলো বিদ্যালয় বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰাৰ চৰকাৰে।

সোমবাৰে বিয়লি এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সাহাই।

ত্ৰিপুৰাসম্প্ৰতি ৩৬ ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়লৈ গৈ পাঠ গ্ৰহণ কৰাটো এক প্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে।

অতিপাত গৰমৰ ফলত স্বাস্থ্যৰ ওপৰত যিকোনো বেয়া প্ৰভাৱ পৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

টুইটাৰত মুখ্যমন্ত্ৰী সাহাই লিখিছে, ‘‘ গৰমে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।  ্ছাত্ৰ-ছাৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ২০২৩ চনৰ ১৮ এপ্ৰিলৰ পৰা ২০২৩ চনৰ ২৩ এপ্ৰিললৈ কাৰ্যকৰী হোৱাকৈ চৰকাৰী আৰু অনুদান প্ৰদান কৰা সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ উপৰিও ব্যক্তিগত পৰিচালিত খণ্ডৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক এই সময়ছোৱাত শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিবলৈ অনুৰোধ জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সাহাই।