NORTHEAST NOW (Assamese)
অসম

ভাৰতত থকা বাংলাদেশীসকলে বিচাৰিলে ঘূৰাই নিব দেশখনে; ক’লে বাংলাদেশৰ মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2019 10:33 pm
obaidul_quader_abnews24_5489

বৰ্তমান ভাৰতত থকা বাংলাদেশীসকলে বিচাৰিলে তেওঁলোকক দেশলৈ ঘূৰাই নিয়া হ’ব। এইকথা সদৰী কৰিছে বাংলাদেশৰ পথ পৰিবহণ মন্ত্ৰী তথা আৱামী লীগৰ সাধাৰণ সম্পাদক ওবায়দুল কাদেৰে।

মন্ত্ৰী কাদেৰে কয়,’’২০০১চনত দেশখনৰ সাধাৰণ নিৰ্বাচনত জামাত জোঁট-বিএনপি ক্ষমতালৈ আহিছিল। ইয়াৰ পাছতেই দেশৰ হিন্দু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। সেই সময়ত বহুতেই নিৰাপত্তা বিচাৰি দেশ এৰি পলাইছিল।‘’

বৰ্তমান ভাৰতত নাগৰিকত্ব সংশোধনী আইন তথা এন আৰ চি প্ৰসংগকলৈ চলি থকা উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভতে এনে মন্তব্য কৰা বুলি ধাৰণা কৰা হৈছে।

সোমবাৰে দিনৰ ভাগত মন্ত্ৰী দপ্তৰৰ সভাগৃহত সাংবাদিকৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ সময়তে মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

আনহাতে, এই সন্দৰ্ভত বিএনপিৰ সাধাৰণ সম্পাদক মিৰ্জা ফকৰুলৰ এটা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী কাদেৰে কয়,’’তেওঁ শাক দি মাছ ঢকাৰ চেষ্টা কৰিছে। শাক দি মাছ ঢাকিব নোৱাৰি। বিএনপিৰ শাসনৰ সময়তে আটাইতকৈ অধিক আক্ৰমণ হৈছিল।‘’

উল্লেখযোগ্য যে অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে নতুন নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিক লৈ চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে বাংলাদেশৰ কেইবাগৰাকীও নেতাই মন্তব্য প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে অনা নতুন নাগৰিকত্ব আইনখনে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটাৰো আশংকা কৰিছিল দেশখনৰ কেইবাগৰাকীও শাসক-বিৰোধী নেতাই।