NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ সময়ছোৱাত চৰকাৰক সহায় কৰিবলৈ আহ্বান সুৰা সম্ৰাট বিজয় মালিয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 8:42 pm
vijay-mallaya

সুৰা সম্ৰাট বিজয় মালিয়াই তেওঁক সহায় কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ ফলত তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল সমস্যাত পৰিছে বুলি কৈ মালিয়াই ভাৰত চৰকাৰৰ সহায় বিচাৰিছে।

মালিয়াই নিজৰ টুইটাৰত কয় যে, ‘নভবা নিচিন্তাকৈ ভাৰত চৰকাৰে দেশত ল’কডাউন জাৰি কৰিলেও আমি সেয়া মানি লৈছো। ইয়াৰ ফলত মোৰ সকলো প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে। সকলোবোৰ নিৰ্মাণ বন্ধ কৰা হৈছে। কৰ্মচাৰীসকলক ঘৰলৈ প্ৰেৰণ কৰিব নোৱাৰা লগতে মজুৰীও দিব পৰা নাই। সেয়ে চৰকাৰে সহায় কৰক।’

আনহাতে ভাৰত চৰকাৰে বিজয় মালিয়াক সহায় কৰিব নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ৬২ বৰ্ষীয় বিজয় মালিয়াই ২০১৬ চনত বেংকৰ পৰা কেবাহাজাৰ কোটি টকা ঋণ লৈ পৰিশোধ নকৰি বৃট্টেইনলৈ পলায়ন কৰিছিল।

ইফালে যোৱা মাহত উচ্চতম ন্যায়ালয়ে এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰেটে বিজয় মালিয়াৰ প্ৰায় ৯ হাজাৰ কোটি টকাৰ সম্পত্তি জব্দকৰণ প্ৰক্ৰিয়াৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে এই গোচৰ এতিয়াও নিষ্পত্তি হোৱা নাই।