NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ কোনো শিথিলতা কৰা নাই ৰাজ্য চৰকাৰে; ল’কডাউন উলংঘা কৰাৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব আৰক্ষী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 8:19 pm
Image

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল’কডাউনৰ ক্ষেত্ৰত কোনো শিথিলতা অৱলম্বন কৰা হোৱা নাই বুলি মন্তব্য কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে যি ২১ দিনীয়া ৰাষ্ট্ৰজোৰা ল’কডাউনৰ কাৰ্য্যসূচীৰ আহ্বান জনাইছিল, সেই আহ্বানৰ প্ৰতি অসমৰ জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে।

আনহাতে, ১৪ এপ্ৰিললৈ অসমতো ৰাষ্ট্ৰৰ অন্য অংশত থকাৰ দৰে সৰ্বাত্মক ৰূপত ল’কডাউনৰ কাৰ্য্যসূচী অব্যাহত থাকিব বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।

তদুপৰি, সোণোৱালে জৰুৰী সেৱা অব্যাহত ৰখাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ যাতে জনসাধাৰণে লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

সামাজিক দূৰত্ব বজাই ৰাখি এই ল’কডাউনৰ কাৰ্য্যসূচী সম্পূৰ্ণৰূপে সফল কৰাৰ বাবেও সোণোৱালে জনসাধাৰণক আহ্বান জনায়।

দুখীয়া শ্ৰেণীৰ জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যৰে কালি অনুষ্ঠিত মন্ত্ৰী মণ্ডলীৰ গুৰুত্বপূৰ্ণ বৈঠকত কেতবোৰ পেকেজ ঘোষণা কৰা হয়।

ল’কডাউনৰ সময়ত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকক সকাহ দিয়াৰ বাবেহে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।