NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত মৃত অৱস্থাত উদ্ধাৰ দুটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 14, 2023 8:53 pm
গুৱাহাটীত মৃত অৱস্থাত উদ্ধাৰ দুটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী

বৃহস্পতিবাৰে পুৱা গুৱাহাটী মহানগৰীৰ গণেশপাৰা অঞ্চলত উদ্ধাৰ হৈছে দুটা প্ৰাপ্তবয়স্ক নাহৰফুটুকীৰ মৃতদেহ।

বাঘ দুটাৰ মৃতদেহ উদ্ধা হোৱাৰ পিছতে কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, গণেশপাৰা অঞ্চলৰ ৰাজমোহন পথত বাঘ দুটাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে উদ্ধাৰ হোৱা নাহৰফুটুকী দুটাৰ এটাক ৰছীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে। যাৰ বাবে দুষ্ট চক্ৰই বাঘ দুটাক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে বাঘ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰা হৈছে।