NORTHEAST NOW (Assamese)
Popular Stories

মায়াজাল! পত্নীকো লাগে, প্ৰেমিকাকো এৰিব নিবিচাৰে; ৪ বছৰৰ লীলা-খেলাৰ অন্তত সোমাল জেলত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2024 11:21 am

উত্তৰ প্ৰদেশৰ বিজনোৰত পতি, পত্নী আৰু ৱৌ-ৰ এক আজৱ ঘটনা পোহৰলৈ আহিছে। ইয়াত এজন বিবাহিত পুৰুষে, বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে এনে এটা কাম কৰিলে যে তেওঁ জেলৰ ভাত খাবলগীয়া হ’ল। মানুহজনৰ প্ৰেয়সীয়েই তেওঁক জেলত ভৰায়। বিবাহিত হোৱাৰ পিছতো প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰে। ৪ বছৰ ধৰি তেওঁৰ লগত সম্পৰ্ক ৰাখিছিল। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

ঘটনাটো বাখৰপুৰ গড়ী অঞ্চলৰ। ইয়াতে কিৰাটপুৰৰ বাসিন্দা এগৰাকী যুৱতী থানা আহি পালেহি। প্ৰেমিকৰ বিৰুদ্ধে প্ৰতাৰণা আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিলে। যুৱতীগৰাকীয়ে পুলিচক জনায়- ‘’২০২০ চনত গাঁও পঞ্চায়তৰ সচিব দাৰা সিঙক লগ পাইছিলোঁ। আমাৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। তেতিয়াৰ পৰা প্ৰায় ছমাহমান আগতে গম পালোঁ যে দাৰা বিবাহিত লোক।‘’

লগতে পঢ়কঃ চুইজাৰলেণ্ডৰ বেংকৰ পৰা জব্দ ২৬০০ কোটি টকা! আদানী কাণ্ডত এক নতুন টুইষ্ট

ভুক্তভোগীয়ে কয়, ‘’দাৰা সিঙৰ সত্যটো যেতিয়া মই জানিব পাৰিলো, মই ক’লো যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম। এই কথাত দাৰা সিঙে ক’লে যে তেওঁ মোক বিয়া কৰাব আৰু খৰচো বহন কৰিব। কিন্তু বিয়াৰ অজুহাতত তেওঁ মোক খুলশালীয়েকৰ সৈতে বিয়া পাতি দিলে। মোৰ স্বামীৰ লগত মোৰ মিল নাছিল কাৰণ দাৰা সিঙৰ মোৰ লগত আগৰ দৰেই সম্পৰ্ক আছিল। এনে পৰিস্থিতিত মোৰ স্বামীৰ লগত সম্পৰ্ক ভাঙি গ’ল। তেতিয়াও দাৰা সিঙে মোৰ লগত সম্পৰ্ক অব্যাহত ৰাখিছিল। মই গৰ্ভৱতী হৈ পৰিলো। কিন্তু এতিয়া দাৰা সিঙে মোৰ লগত থাকিব নিবিচাৰে।‘’

যুৱতীগৰাকীয়ে লগতে কয়, ‘’মইও দাৰা সিঙক ক’লোঁ যে মই আৰু মোৰ সন্তান ক’লৈ যাম। আমাৰ লগত দাৰা সিঙৰ কোনো সম্পৰ্ক নাই। মোক ঘৰত ৰাখিবলৈও তেওঁ সাজু নহয়, মোক বিয়া কৰাবলৈও সাজু নহয়। এতিয়াও মোক অত্যাচাৰ কৰি আছে। মোক গালি-গালাজ কৰি আছে। এতিয়া কি কৰিম আৰু কাক সহায় বিচাৰিম বুজি পোৱা নাই।‘’

লগতে পঢ়কঃ চাৰি ফুটতকৈও অধিক দীঘল লাওডোগা সাপ! দেশত পোৱা গ’ল বিৰল প্ৰজাতিৰ সন্ধান

আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি দাৰা সিঙক গ্ৰেপ্তাৰ কৰে। তাৰ পিছত তেওঁক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান অভিযুক্তৰ জেৰা চলি আছে। এই গোচৰত অধিক তদন্ত অব্যাহত ৰখা হৈছে। ইয়াৰ পিছত কি হ’ব সেয়া হ’ব লক্ষ্যণীয়।