NORTHEAST NOW (Assamese)

ডিমৌৰ দিৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটা তিনিটি শিশুৰ মৃতদেহ উদ্ধাৰ

April 7, 2021 1:44 pm · পাৰ্শ্বজ্যোতি গগৈ

মঙলবাৰে ডিমৌৰ কৃষ্ণবিহাৰীত দিৰৈ নৈত গা ধূবলৈ আহি সলিল সমাধি ঘটা তিনিটি শিশুৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়।

মঙলবাৰে নিশা এটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত আজি পুৱাভাগত এছ ডি আৰ এফৰ অভিযানত উদ্ধাৰ হয় আন দুটি শিশুৰ মৃতদেহ।

কালি উদ্ধাৰ হোৱা মৃতদেহটো  কৃষ্ণবিহাৰী চানবছাৰ দীপ বাউৰী (১২)ৰ  বুলি চিনাক্ত কৰা হৈছে।

আজি উদ্ধাৰ হোৱা দুজনৰ এজন চান্দবেচা চুমনিবস্তীৰ আকাশ ভূঞা( ১২ ) আৰু আনটি শিশু ডিব্ৰুগড়ৰ পৰা ফুৰিবলৈ অহা জিন্টু কৰ্মকাৰ( ১০ ) বুলি জানিব পৰা গৈছে।

বৰ্তমান জিলা প্ৰশাসনে তিনিওজনৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰিছে।

এনেদৰে তিনিটিকৈ শিশুৱে অকাল মৃত্যুক সাৱটি লোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related News