NORTHEAST NOW (Assamese)
Popular Stories

মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ৩ নিৰাপত্তাৰক্ষীৰ শৰীৰত কোভিড১৯; এশ আৰক্ষী জোৱানক কোৱাৰান্টেইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2020 2:39 pm
520461b47d5965f975edf21b2ac23a11

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আৱাসত নিয়োজিত তিনিজন নিৰাপত্তাৰক্ষীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

ইণ্ডিয়া টুডে’ৰ বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ নিৱাস মাতশ্ৰীৰ নিপাৰত্তাত নিয়োজিত তিনিজন আৰক্ষী জোৱানৰ শৰীৰত যোৱা শনিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগে কোভিড১৯ৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

ইণ্ডিয়া টুডে’ই ইণ্ডিয়া টিভিৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে এই তিনিজন নিৰাপত্তাৰক্ষী মুম্বাই আৰক্ষীৰ শসস্ত্ৰ শাখাৰ জোৱান।

‘মাতশ্ৰীৰ বৰ্হিভাগত কৰ্তব্যৰত তিনিজন আৰক্ষীৰ শৰীৰত কোভিড১৯ পোৱা গৈছে। মাতশ্ৰীৰ বৰ্হি ভাগত নিয়োজিত অন্যান্য আৰক্ষীক অনুসন্ধান কৰি স্বাস্থ্য পৰীক্ষাৰ আৰম্ভ কৰা হৈছে।’ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়।

এপ্ৰিলৰ প্ৰথম সপ্তাহত মাতশ্ৰীৰ সমীপৰ এখন চাহ দোকানৰ মালিকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছিল।

ইয়াৰ পিছতে উক্ত অঞ্চলটো ছীল কৰাৰ লগতে ১০০ জন আৰক্ষী জোৱানক কোৱাৰান্টেইন কৰা হৈছিল।