NORTHEAST NOW (Assamese)
Popular Stories

জ্যেষ্ঠ বিষয়াক গুলীয়াই হত্যা কৰি আত্মহত্যা BSF জোৱানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2020 1:59 pm
Tripura: BSF

ৰাজস্থানত এটা আজি পুৱা এগৰাকী বি এছ এফ জোৱানে তেওঁৰ ওপৰৰ এগৰাকী বিষয়া (উপ পৰিদৰ্শক)ক হত্যা কৰি নিজেও আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।

বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে আজি পুৱা প্ৰায় ৬.৩০ বজাত ৰাজস্থানৰ শ্ৰীগংগানগৰ জিলাত থকা ‘ৰেনুকা’ নিৰীক্ষণ চকীত নিয়োজিত বি এছ এফৰ ১২৫ বেটেলিয়নৰ কেম্পত এই ভাতৃঘাটী ঘটনাটো সংঘটিত হয়।

কেম্পটোৰ মুখ্য কনিষ্টবল শিৱ চন্দেৰ ৰামে তেওঁতকৈ জ্যেষ্ঠ আৰ পি সিং নামৰ উপ পৰিদৰ্শক গৰাকীক গুলীয়াই হত্যা কৰি তাৰ পিছত নিজকো গুলীয়াই আত্মহত্যা কৰে বুলি বি এছ এফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

ঘটনাৰ প্ৰকৃত কাৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে বি এছ এফৰ জ্যেষ্ঠ বিষয়াসকল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় বুলি বিষয়াগৰাকীয়ে লগতে জনায়।