NORTHEAST NOW (Assamese)

ছত্তীশগড়ত নিৰাপত্তাৰক্ষী-মাওবাদীৰ ভয়াৱহ সংঘৰ্ষঃ তিনি জোৱান নিহত, ১৪ জন আহত

January 30, 2024 9:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 31, 2024 10:26 am

মঙলবাৰে ছত্তীশগড়ত সংঘটিত হয় মাওবাদী আৰু নিৰাপত্তাৰক্ষী দলৰ মাজত এক ভয়াৱহ সংঘৰ্ষ। এই ভয়াৱহ সংঘৰ্ষত তিনিজন জোৱান নিহত হোৱাৰ লগতে ১৪ জন আহত হয়।

ৰাজ্যখনৰ বিজাপুৰ আৰু সুকমা জিলাৰ সীমান্তত অৱস্থিত টেকালগুডেম গাঁৱত এই সংঘৰ্ষৰ সূত্ৰপাত হয়। প্ৰকাশিত খবৰ অনুসৰি, নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত এক শিবিৰ স্থাপন কৰিছিল।

মূলতঃ মাওবাদী সদস্যৰ গতি-বিধি লক্ষ্যৰ বাবে অঞ্চলটোত এই শিবিৰ স্থাপন কৰা হৈছিল। এই শিবিৰত চি আৰ পি এফৰ কোব্ৰা, জিলা সংৰক্ষিত গোট (ডি আৰ জি) আৰু বিশেষ টাস্ক ফ’ৰ্চৰ জোৱান মোতায়েন কৰা হৈছিল।

নিৰাপত্তাৰক্ষী জোৱানসকলে জোনাগুডা-আলিগুডা অঞ্চলত টহল দি থকা অৱস্থাতে তেওঁলোকৰ ওপৰত মাওবাদীয়ে গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘটিত হোৱা গুলীচালনাত তিনিজন জোৱান নিহত হোৱাৰ লগতে ১৪ জন আহত হয়। আহত জোৱান কেইজনক চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে।

Related News