NORTHEAST NOW (Assamese)
মণিপুৰ

পুনৰ উত্তপ্ত মণিপুৰঃ দুই গোটৰ মাজত সংঘৰ্ষত এজন নিহত, এতিয়াও সন্ধানহীন তিনিগৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 30, 2024 9:36 pm
Manipur

হিংসাজৰ্জৰ মণিপুৰত আজি পুনৰ সংঘটিত হৈছে হিংসাত্মক কাণ্ড। ইম্ফল পশ্চিম জিলাত আজি দুই গোটৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে েজনে।

এই সংঘৰ্ষত পাঁচজন লোক আহত হোৱাৰ লগতে আন তিনিজন লোক নিৰুদ্দেশ হৈ থকা বুলি কানিব পৰা গৈছে। ইম্ফল পশ্চিম জিলাৰ কৌটৰুক গাঁৱত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছে।

দুয়োপক্ষৰ মাজত হোৱা গুলীবৰ্ষণৰ ফলত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দিনৰ প্ৰায় ২ বজাৰ পৰা দুই পৃথক সম্প্ৰদায়ৰ গাঁৱৰ স্বেচ্ছাসেৱকসকলৰ মাজত এই সংঘৰ্ষ আৰম্ভ হয়।

গুলীবৰ্ষণত এজন গাঁৱৰ স্বেচ্ছাসেৱক নিহত হোৱাৰ বিপৰীতে আন এজনৰ ভৰিত গুলী লাগে আৰু তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

নিৰুদ্দেশ হোৱা তিনিজন লোকৰ বাবে অনুসন্ধান অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে আৰু অঞ্চলটোত যৌথ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে বুলি সদৰী কৰে।