NORTHEAST NOW (Assamese)
অসম

২২ নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব ফুলপানীছিগা ৰাস মহোৎসৱ

Posted by: ৰাজীব দত্ত November 14, 2018 6:33 pm
raas mahotsav

বিগত বৰ্ষসমূহৰ দৰে এই বছৰো অহা ২২, ২৩ আৰু ২৪ নৱেম্বৰত তিনিদিনীয়া বিস্তিত কাৰ্যসূচীৰে জাঁজীৰ ফুলপানীছিগাত ৰাস মহোৎসৱ উদ্যাপন কৰিবলৈ লোৱা হৈছে।

উল্লেখযোগ্য যে ১৯৩০ চনৰ পৰা ধাৰাবাহিকভাৱে ঐতিহ্যমণ্ডিত জাঁজীৰ ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ কলা-কৃষ্টি কেন্দ্ৰত এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে।

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৮ বজাত চাৰিং জকাই সত্ৰৰ বিশিষ্ট মুখা শিল্পী গিৰীশ মহন্তই ধৰ্মধবজা উত্তোলন কৰি তিনিদিনীয়া ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছত পুৱা ৯-৩০ বজাত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই  ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব।

দিনটোৰ অন্যান্য কাৰ্যসূচীসমূহৰ ভিতৰত ভাগৱত পাঠ, নাম প্ৰসঙ্গ, কীৰ্ত্তন পাঠ, দিহা নামৰ লগতে সন্ধ্যালৈ নাম প্ৰসঙ্গ, গায়ন প্ৰদৰ্শনৰ পিছতেই আঞ্চলিক শিল্পী বৃন্দই ‘শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া’ নাটৰ ভাওনা প্ৰদৰ্শন কৰিব।

দ্বিতীয় দিনা বিয়লি ৫-৩০ বজাত হাফলুটিং শিৰোমণি শিল্পী সমাজে ‘বৰাহৰ পৃথিৱী উদ্ধাৰ’ আৰু ৰাতি ৯ বজাত হাতীঘূলি পদুমণি পাঞ্চজন্য ভাওনা সমাজে ‘ৰাৱনৰ মুক্তি  যজ্ঞ’ নাটৰ ভাওনা প্ৰদৰ্শন কৰিব।

আনহাতে সামৰণিৰ দিনা দিনৰ ১২ বজাত ‘সমাজ উত্তৰণত আধ্যাত্মিক, নৈতিক আৰু বিজ্ঞান মনস্কতাৰ প্ৰয়োজনীয়তা’ শীৰ্ষক এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব। আলোচনা চক্ৰখনি উদ্বোধন কৰিব জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মানজিৎ গগৈয়ে।

ফুলপানীছিগা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰেমধৰ নেওগৰ পৌৰহিত্যত অনুষ্ঠিত সভাত যোৰহাটৰ  চটাইস্থিত দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীয়ে মূল বক্তৃতা প্ৰদান কৰিব।

তদুপৰি সন্ধ্যা ৫-৩০ বজাত জাঁজী বামুন পুখুৰী বৃন্দাবন নাট্যগোষ্ঠীয়ে ‘অন্ধ মুনিৰ অভিশাপ’ আৰু নিশা ৯ বজাত শিৱসাগৰ শ্যামকানু নাট্যগোষ্ঠীয়ে ‘শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ’ নাটৰ ভাওনা প্ৰদৰ্শন কৰিব।