NORTHEAST NOW (Assamese)
অসম

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী March 4, 2021 2:51 pm
IMG_20210304_104520

আই,আই,টি খড়গপুৰে  প্ৰস্তুত কৰি উলিওৱা ‘cell filled’ নৱ প্ৰযুক্তিৰে বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলে ৰাজ্যিক  ঘাইপথ-২ ৰ পৰা ৰঙাপানী শিমলুবাৰীলৈ যোৱা পথটো পেলনীয়া প্লাষ্টিকৰে নিৰ্মাণৰ শুভাৰম্ভ কৰে।

নতুন এই প্ৰযুক্তিৰে নিৰ্মাণ কৰা পথৰ স্থায়িত্ব অধিক আৰু নিৰ্মাণ ব্যয় চলিত পদ্ধতিতকৈ যথেষ্ট কম হব বুলি জনায়।

পেলনীয়া প্লাষ্টিক ব্যৱহাৰেৰে নিৰ্মাণ কৰা এই প্ৰযুক্তিয়ে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰিব বুলি ৰাইজৰ লগত মত বিনিময় কৰে বঙাইগাঁও জিলাৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অভিযন্তা মজিবৰ প্ৰধানীয়ে।

অৱসৰৰ সময়তে উত্তৰ শালমাৰা মহকুমাত প্ৰথমটো প্লাষ্টিকেৰে নিৰ্মাণ কৰা ৰাস্তাৰ কামৰ শুভাৰম্ভ কৰে অভিযন্তা গৰাকীয়ে।

গাওঁৰ বাট-পথত এই প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত চৰকাৰ আৰু ৰাইজ উভয় পক্ষই  বহুগুণে লাভান্বিত হ’ব বুলি মন্তব্য কৰে।

সংমণ্ডলটোৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা অসীম নাগা দেবে কয় যে পাহাৰ ভাঙি শিলাময় অঞ্চল নষ্ট কৰাটো কিছু পৰিমাণে এই পদ্ধতিয়ে হ্ৰাস কৰিব।

যাৰ ফলত এই প্ৰযুক্তিয়ে পৰিৱেশ আৰু প্ৰকৃতিকো সংৰক্ষণ কৰিব বুলি মন্তব্য কৰে। আনকি এই পদ্ধতিয়ে যথেষ্ট পৰিমাণে প্ৰদূষণ হ্ৰাস কৰিব।

শিমলুবাৰীত পোন প্ৰথমবাৰৰ বাবে পেলনীয়া প্লাষ্টিকৰে ৰাস্তা নিৰ্মাণ কৰিবলৈ লোৱাত গাওঁবাসীয়ে সন্তষ্টি প্ৰকাশ কৰিছে।