NORTHEAST NOW (Assamese)
অসম

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা March 4, 2021 2:11 pm
deadbody recovered final

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে যোৱা বুধবাৰে দুপৰীয়া এজন লোকে নপানীস্থিত শিলৰ কোঁৱাৰীৰ এটাৰ দ পুখুৰীত পৰি সন্ধানহীন হৈ আছিল।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল সহ এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও সন্ধিয়া আন্ধাৰ নামি অহাত আধাতে উদ্ধাৰ অভিযান সামৰিব লগা হয়।

আজি পুনৰ আৰক্ষীসহ এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলোৱাত  সন্ধানহীন লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃত লোক জন ন-পানী গাৱঁৰ বোলাৰাম উৰাং(৩৫) বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰিছে।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।