NORTHEAST NOW (Assamese)
Popular Stories

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2021 2:56 pm
index.jpg

যৌন কেলংকাৰিৰ অভিযোগত অভিযুক্ত কৰ্ণাটকৰ জল সম্পদ মন্ত্ৰী ৰমেশ জাৰকিহোলীয়ে পদত্যাগ কৰিছে।

বুধবাৰে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে।

উল্লেখ্য যে চাকৰি দিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীৰ সৈতে মন্ত্ৰী জাৰকিহোলীৰ যৌন অভিসাৰৰ এটা ভিডিঅ’ বৈদ্যুতিন সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। ইয়াৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হোৱাই নহয় তুমুল বিতৰ্কৰ সূত্ৰপাত হয় কৰ্ণাটক ৰাজ্যৰ ৰাজনীতিত।

বিৰোধীয়ে মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ বিপৰীত মন্ত্ৰী জাৰকিহোলীয়ে সেই ভিডিঅ’ ভুৱা দাবী কৰি আহিছিল। আনকি মন্ত্ৰী জাৰকিহোলীয়ে ইয়াৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰো দাবী কৰিছিল।

উল্লেখ্য যে সামাজিক কৰ্মী দীনেশ জাৰকিহোলীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ হৈ বাংগালুৰু কুব্বন পাৰ্ক আৰক্ষীৰ ওচৰত মন্ত্ৰী জাৰকিহোলীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

“মোৰ বিৰুদ্ধে অভিযোগবোৰ অসত্য, সত্যতা প্ৰমাণ কৰিবলৈ এটা তদন্তৰ প্ৰয়োজন। যদিও মই নিৰ্দোষী প্ৰমাণিত হোৱাৰ বিশ্বাস আছে, মই নৈতিক ভিত্তিত মোৰ পদত্যাগ দাখিল কৰি আছো। অনুগ্ৰহ কৰি মোৰ পদত্যাগ গ্ৰহণ কৰক,”  জাৰকিহোলীৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাক দিয়া পত্ৰত এইদৰে কোৱা হৈছে।