NORTHEAST NOW (Assamese)
Popular Stories

সেনা আৰু নক্সালৰ মুখামুখি সংঘৰ্ষ : নিহত হ’ল ৩ জন সেনা আৰু এজন নক্সাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 3, 2021 5:26 pm

শনিবাৰে চট্টিশগড়ৰ বিজাপুৰ জিলাত নক্সালবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা এটা মুখামুখি সংঘৰ্ষত ৩জন সেনাক নক্সালে হত্যা কৰে।

তদুপৰি আন ৩জন সেনা আঘাতপ্ৰাপ্ত হৈছে।

ইয়াৰ বিপৰীতে সুৰক্ষা বাহিনীৰ হাতত এজন নক্সালৰ মৃত্যু হয়।

বাতৰিমতে, বিজাপুৰ জিলাৰ তাৰৰেম অঞ্চলটোত যোৱা কেইবাঘণ্টাজুৰি দুয়োপক্ষৰ মাজত গুলিচালনা হয়।

উল্লেখযোগ্য যে, এসপ্তাহ পূৰ্বে ইন্দো-টিবেতা বৰ্ডাৰ পুলিছে ৩জন নক্সালক আটক কৰিছিল।

নক্সালকেইজনে ৰাজ্যখনৰ চুকমা জিলাত সুৰক্ষা বাহিনীলৈ  লক্ষ্য কৰি বিস্ফোৰক সামগ্ৰী পুতি ৰাখিছিল।

তদুপৰি যোৱা মাহত, বিজাপুৰ জিলাৰ এখন জিলা পঞ্চায়তৰ সদস্যক নক্সালে হত্যা কৰিছিল।