NORTHEAST NOW (Assamese)
অসম

NEET পৰীক্ষাৰ পূৰ্বে শংকিত হৈ তিনিগৰাকী মেডিকেল প্ৰত্যাশী প্ৰাৰ্থীৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 2:16 pm
Suicide-1140x570

NEET 2020,পৰীক্ষাৰ এদিন পূৰ্বে শনিবাৰে তামিলনাডুত মুঠ তিনিগৰাকী মেডিকেল প্ৰত্যাশী প্ৰাৰ্থীয়ে শংকিত হৈ আত্মহত্যা কৰে।

বাতৰি অনুসৰি, মাদুৰাইৰ এগৰাকী  আৰক্ষীৰ কন্যাই শনিবাৰে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

এনে চৰম সিদ্ধান্ত গ্ৰহণৰ কাৰণ হিচাপে ছোৱালীজনীয়ে আত্মহত্যাৰ টোকাত লিখিছে যে তেওঁ ভালদৰে প্ৰস্তুতি চলাইছিল যদিও ফলাফলক লৈ শংকিত হৈ পৰিছিল।

ছোৱালীজনীয়ে কাকো দোষাৰোপ নকৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁ আত্মহত্যাৰ কৰা বাবে তেওঁৰ পিতৃ-মাতৃৰ ওচৰত ক্ষমা বিচাৰে।

ধৰ্মপুৰীত সংঘটিত দ্বিতীয়তো ঘটনাত এগৰাকী ছাত্ৰই আত্মহত্যা কৰে।

আনহাতে, নামাক্কাল জিলাত আন এগৰাকী ছাত্ৰই চিপ লৈ আত্মহত্যা কৰে।

এইদৰে, তামিলনাডুত বিগত কেইদিনত মেডিকেল প্ৰত্যাশী ছাত্ৰৰ আত্মহত্যাৰ ঘটনা ৮টালৈ বৃদ্ধি পালে।

যোৱা বুধবাৰে এগৰাকী NEET 2020,পৰীক্ষাৰ প্ৰাৰ্থীয়ে আত্মহত্যা কৰিছিল।

তামিলনাডুৰ উপ মুখ্য মন্ত্ৰী অ’ পন্নীৰছেলভামে এটা টুইটৰ জৰিয়তে এনে আত্মহত্যাৰ ঘটনাত দুখ প্ৰকাশ কৰিছে।

পন্নীৰছেলভামে কয় যে শিক্ষাৰ্থীসকলে প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰা উচিত।

তেওঁ লগতে কয় যে অভিভাৱকসকলেও তেওঁলোকৰ সন্তানলৈ সহায়ৰ হাত আগবঢ়োৱা উচিত।