NORTHEAST NOW (Assamese)
Popular Stories

ডাক বিভাগে ঘৰে ঘৰে বিলাব কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 6:16 pm
কাশী মন্দিৰ

ভাৰতীয় ডাক বিভাগৰ কৃপাত এতিয়া ভক্ত সকলে ঘৰতে বহি লাভ কৰিবলৈ সক্ষম হব বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ।

ইয়াৰ বাবে ডাক বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

শাৱণ মাহৰ প্ৰথমটো সোমবাৰে দেশৰ বিভিন্ন ৰাজ্য বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজ্য সমূহত কাবাড় উৎসৱ অনুষ্ঠিত কৰা হৈছে।

ভগৱান শিৱৰ আশীৰ্বাদ লাভৰ বাবে কাবাড় উৎসৱৰ দিনা ভক্ত সকলে শিৱ মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰে।

এইবেলি ক’ৰ’ণাতংকৰ বাবে বহুতে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰলৈ গৈ পূজা কৰিব নোৱাৰিলে।

সেই সকল ভক্তৰ সুবিধাৰ্থে ভাৰতীয় ডাক বিভাগে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ ভক্তৰ ঘৰে ঘৰে প্ৰেৰণৰ দিহা কৰিছে।

মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এই সম্পৰ্কত মন্তব্য কৰি কয় যে যি সকল ভক্তই বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰসাদ ডাকযোগে  পাবলৈ বিচাৰে তেওঁলোকে ছিনিয়ৰ ছুপাৰিনটেন্ডেট,বাৰানসী পুব পোষ্টেল ডিভিজনলৈ প্ৰসাদ বিচাৰি আবেদন কৰিব পাৰে।

ইয়াৰ বাবে তেওঁলোকে ২৫১ টকা ইলেকট্ৰ’নিক মানি অৰ্ডাৰ কৰি পঠিয়াব লাগিব।

ডাক বিভাগৰ এনে পদক্ষেপক বহুতে প্ৰশংসা কৰিছে।