NORTHEAST NOW (Assamese)

অনন্য প্ৰতিভাৰ অধিকাৰী এই চোৰ! চলন্ত ট্ৰাকৰ পৰা বাইকৰ সহায়ত কৰিলে চুৰি

May 25, 2024 7:02 pm · এন ই নাও নিউজ, গুৱাহাটী

ছ’চিয়েল মিডিয়াত মধ্য প্ৰদেশৰ তিনিজন লোকে চলন্ত ট্ৰাকৰ পৰা সামগ্ৰী চুৰি কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে। আগ্ৰা-মুম্বাই ঘাইপথৰ দেৱাস-ছাজাপুৰ পথৰ মাজৰ ট্ৰাকখনৰ পৰা সামান্য দূৰত্বত গাড়ী চলাই থকা এজন লোকে নিজৰ গাড়ীৰ পৰা ৰেকৰ্ডিং কৰাৰ সময়তে ঘটনাটো কেমেৰাত ধৰা পৰে। চুৰিৰ ভিডিঅ’টোৱে নেটিজেনক দৰাচলতে হিন্দী ছবিৰ এটা দৃশ্যৰ কথা মনত পেলাই দিছে।

ভিডিঅ’টোত এজন লোকে ট্ৰাকৰ ঠিক পিছফালে বাইক চলাই থকা দেখা গৈছে আৰু তেওঁৰ সহযোগীসকলক সামগ্ৰী চুৰি কৰাৰ দায়িত্ব দিয়া হৈছে। দুয়োজনে ট্ৰাকখনৰ ওপৰত উঠি সামগ্ৰীখিনি ঢাকি ৰখা টাৰ্পলিনৰ চাদৰখন কাটি পেলায়।কিছু মুহূৰ্তৰ পাছত এটা বাকচ উলিয়াই এজনে ৰাস্তাত পেলাই দিয়ে। তাৰ পাছত দুয়োজনে ট্ৰাকখনৰ পৰা নামি মানুহজনে চলোৱা বাইকখনৰ পাছৰ চিটত নিখুঁতভাৱে ভৰি দিয়ে।

 

ইফালে মধ্যপ্ৰদেশ আৰক্ষীয়ে দেৱাস আৰু তৰানাৰ পৰাও এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি জনাইছে।মধ্য প্ৰদেশৰ ছাজাপুৰ জিলাৰ মাক্সি থানাৰ এছ এইচ অ’ ভীম সিং পেটেলে অৱশ্যে পূৰ্বতে উল্লেখ কৰা ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।

Related News