NORTHEAST NOW (Assamese)

চেল্ফী তুলিবলৈ গৈ নদীৰ কোবাল সোঁতত উটি গ’ল তিনি যুৱক! : এতিয়াও সন্ধান নাই তিনি যুৱকৰ

November 16, 2020 5:27 pm · এন ই নাও নিউজ
Updated: November 16, 2020 5:32 pm

চেল্ফী তুলিবলৈ গৈ নদীৰ কোবাল সোঁতত উটি গ’ল তিনিজনকৈ যুৱক।

এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ গোমলা জিলাৰ শংকৰ নদীৰ বুকুত।

সোমবাৰে আৰক্ষীৰ উদ্ধৃতিৰে পিটিআই-এ প্ৰকাশ কৰা বাতৰি অনুসৰি জিলাখনৰ শংকৰ নদীত চেল্ফী তুলিবলৈ গৈ তিনিজন যুৱক নদীৰ কোবাল সোঁতত উটি গৈছে আৰু তেতিয়াৰ পৰা তিনিওৰে সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।

আৰক্ষী বিষয়া হৰদ্বীপ পি জনৰ্দাননে পিটিআইক কয় যে সোমবাৰে জিলাখনৰ শংকৰ নদীত অৱস্থিত হীৰাদাহ বান্ধত ছজন যুৱকে বনভোজ খাবলৈ গৈছিল।

তেওঁলোকৰ মাজৰে এজন যুৱকে নদীৰ পাৰত ৰৈ চেল্ফী উঠিবলৈ লওঁতে গৰাৰ পৰা নদীৰ কোবাল সোঁতত সৰি পৰে আৰু কোবাল সোঁতে যুৱকজনক উটুৱাই লৈ যায়।

যুৱকজনক উদ্ধাৰ কৰি প্ৰাণ বচাবলৈ অন্য দুজন বন্ধুৱে নদীৰ বুকুলৈ জঁপিয়াই দিয়ে আৰু তেওঁলোকো নদীৰ কোবাল সোঁতত উটি যায়।

ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় যদিও আন্ধাৰ হোৱাৰ বাবে দেওবাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিব নোৱাৰিলে।

আৰক্ষীৰ উদ্ধৃতিৰে পিটিআই-এ প্ৰকাশ কৰা অনুসৰি সোমবাৰে পুৱাৰে পৰা আৰক্ষী আৰু দুৰ্যোগ নিৰাময় বাহিনীৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে সন্ধানহীন তিনি যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Related News