NORTHEAST NOW (Assamese)
Popular Stories

সাংবাদিকৰ বহিস্কৰণ উঠাই ল’বলৈ চীনক মিনতি আমেৰিকাৰ ৩ বাতৰি কাকতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 6:18 pm
american-papers-scaled-e1584501456344-696x392

বহুল প্ৰচাৰিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিখন বাতৰি কাকতে একেলগে চীনক আবেদন কৰিছে যে তেওঁলোকৰ বহিস্কৃত সাংবাদিকেইজনৰ বহিস্কৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগে।

উল্লেখ্য যে আমেৰিকাৰ বহুল প্ৰচাৰিত বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছ, দ্য ৱাশ্বিংটন প’ষ্ট আৰু ৱালষ্ট্ৰীট জাৰ্ণেলৰ তিনিজন সাংবাদিকক চীন চৰকাৰে ক’ৰ’না ভাইৰাছৰ সন্দৰ্ভত চীন সম্পৰ্কে অযুক্তিৰভাৱে নিপীড়নমূলক বাতৰি পৰিৱেশন কৰাৰ বাবে চীনৰ পৰা বহিস্কাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আমেৰিকাৰ সংবাদপত্ৰ তিনিখনে একত্ৰে প্ৰকাশ কৰা এখন পত্ৰত চীনক অনুৰোধ জনাই লিখিছে যে, ‘ক’ৰ’না ভাইৰাছৰ আতংকৰ সন্দৰ্ভত যিমান দূৰ সম্ভৱ সিমান নৈতিকতাপূৰ্ণ সঠিক, অন দ্য গ্ৰাউণ্ড সংবাদৰ লগতে ভাইৰাছবিধৰ সংহাৰীৰূপটো সঠিক তথ্য ওপৰত ভিত্তি কৰি বিশ্ববাসীৰ ওচৰত আমি সংবাদ পৰিৱেশন কৰি আহিছো।’

উক্ত পত্ৰখনত তিনিওখন সংবাদ পত্ৰৰ স্বত্বাধিকাৰী ক্ৰমে ৱাল ষ্ট্ৰীট জৰ্ণেলৰ ইউলিয়াম লেৱিছ, দ্য ৱাশ্বিংটন প’ষ্টৰ ফ্ৰেড ৰিয়ান আৰু দ্য নিউয়ৰ্ক টাইমছৰ এ জি চুল্জবাৰ্গাৰে একত্ৰে স্বাক্ষৰ কৰি চীনক এই আবেদন জনাইছে।

উল্লেখ্য ইতিমধ্যে চীনে ১৩ জনকৈ আমেৰিকাৰ সাংবাদিকক তেওঁলোকৰ ‘অযুক্তিকৰ উচতনিমূলক’ বাতৰি পৰিৱেশনৰ বাবে দেশখনৰ পৰা বহিস্কাৰ কৰিছিল।

অৱেশ্য চীনে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।