NORTHEAST NOW (Assamese)
Popular Stories

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2025 1:38 pm

মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা ঠাকুৰকে ধৰি ৭জন অভিযুক্তক দোষমুক্ত কৰিলে NIAৰ বিশেষ আদালতে। ন্যায়াধীশ এ কে লাহোতিয়ে পৰ্যবেক্ষণ কৰে যে কেৱল সন্দেহৰ ভিত্তিত গোচৰ আগবাঢ়িব নোৱাৰে। লগতে তেওঁ কয় যে চৰকাৰে অভিযুক্তৰ বিৰুদ্ধে যুক্তিসংগত প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হৈছে।

বিজেপি নেতা প্ৰজ্ঞাৰ উপৰিও মালেগাওঁ বিস্ফোৰণ গোচৰৰ ‘হাই প্ৰফাইল অভিযুক্ত আছিল প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল প্ৰসাদ পুৰোহিত আৰু বংগৰ বাংকুৰাৰ বাসিন্দা স্বামী আসীমানন্দ ওৰফে নবাকুমাৰ সৰকাৰ। যদিও পৰৱৰ্তী সময়ত অসীমানন্দৰ নাম চাৰ্জ শ্বীটত অন্তৰ্ভুক্ত নহল। আজি এনআইএৰ আদালতে দোষমুক্ত কৰা সাতজন অভিযুক্ত হৈছে প্ৰজ্ঞা ঠাকুৰ, কৰ্ণেল প্ৰসাদ, প্ৰাক্তন মেজৰ ৰমেশ উপাধ্যায়, সুধাকৰ চতুৰ্বেদী, অজয় ৰহিৰকাৰ, সুধাকৰ ধৰ দ্বিবেদী ওৰফে শংকৰাচাৰ্য আৰু সমীৰ কুলকাৰ্ণী। ন্যায়াধীশ এ কে লাহোতিয়ে কয় যে, “এয়া সমাজৰ এক ভয়ংকৰ কাণ্ড। কিন্তু আদালতে কেৱল নৈতিক ভিত্তিত কাকো দোষী সাব্যস্ত কৰিব নোৱাৰে।”

উল্লেখ্য যে, ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰৰ নিশা মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ মালেগাওঁ চহৰত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। ৭ জন লোকৰ মৃত্যু। শতাধিক লোক আহত হয়। তদন্তত জানিব পৰা মতে, মালেগাওঁ চহৰৰ মছজিদৰ সমীপৰ এটা কবৰস্থানত এখন মটৰবাইকত দুটাকৈ বোমা স্থাপন কৰা হৈছে। সেইটোৱেই বিস্ফোৰণৰ কাৰণ। মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী দলে প্ৰথমে কয় যে এই বিস্ফোৰণৰ আঁৰত এটা হিন্দুত্ববাদী সংগঠন আছে। যিখন মটৰবাইকত বোমাটো ৰখা হৈছিল সেইখন মটৰবাইক প্ৰজ্ঞা ঠাকুৰৰ নামত পঞ্জীয়ন কৰা হৈছিল। প্ৰজ্ঞাই এক নিৰ্দিষ্ট ধৰ্মৰ লোকক লক্ষ্য কৰি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। প্ৰজ্ঞা ঠাকুৰ, কৰ্ণেল প্ৰসাদ আৰু অন্যান্য অভিযুক্তক এজন এজনকৈ গ্ৰেপ্তাৰ কৰা হয়।