NORTHEAST NOW (Assamese)
অসম

দেশজোৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত এতিয়ালৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই; সংসদীয় কমিটিক জনালে কেন্দ্ৰ চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2021 7:49 am
এন-আৰ-চি-1024x512

ৰাষ্ট্ৰজোৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বৰ্তমানলৈ কেন্দ্ৰ চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নায়।

গৃহ মন্ত্ৰ্যালয়ৰ সংসদীয় সমিতিৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰজোৰা নাগৰিকপঞ্জী সন্দৰ্ভত মঙলবাৰে এইদৰে উল্লেখ কৰে কেন্দ্ৰ চৰকাৰে।

‘‘জনসংখ্যা গণনাত সংগ্ৰহ কৰিবলগীয়া সকলো ব্যক্তিগত তথ্য গোপনীয় থাকিব,’’ গৃহ মন্ত্ৰ্যালয়ে লগতে কয়।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰৰ মন্তব্যৰ পাছত বিজেপিৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰে এন আৰ চি আৰু এন পি আৰ আনিব বুলি বহু ৰাজনৈতিক দলে দেশজুৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি বৰ্তমানলৈ কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নায় বুলি কয়।

ইপিনে, সংশোধিত নাগৰিকত্ব আইন অৰ্থাৎ CAA সন্দৰ্ভতো গৃহ মন্ত্ৰ্যালয়ে মত ব্যক্ত কৰিছে।

সংশোধিত নাগৰিকত্ব আইন অৰ্থাৎ CAA এতিয়াই দেশত বলৱৎ কৰা নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰণালয়ে এনেদৰে জনায়।

স্মৰ্তব্য যে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে কোভিড পৰিস্থিতি শাম কটা অৰ্থাৎ কোভিড ভেকচিন টিকাকৰণৰ পিছতে দেশত CAA বলৱৎ কৰা হ’ব।