NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত তিনি সেনা জোৱানৰ মৃত্যু: আহত আন তিনিজন জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2023 8:11 pm
3 Soldiers Killed In Jammu Kashmir

জম্মু-কাশ্মীৰত পুঞ্চত সেনাবাহিনীৰ এখন বাহনত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছে তিনিগৰাকী জোৱানে। এই আক্ৰমণত লগতে আন তিনগৰাকী জোৱান আহত হোৱা বুলিও নিশ্চিত কৰিছে কৰ্তৃপক্ষই।

থানামণ্ডী অঞ্চলত সংঘটিত হোৱা এই আক্ৰমণৰ পিছতে অতিৰিক্ত বাহিনী তাৎক্ষণিকভালে উক্তস্থানলৈ প্ৰেৰণ কৰা হৈছে তথা বৰ্তমানো সংঘৰ্ষ অব্যাহত আছে বুলিও কৰ্তৃপক্ষই সদৰী কৰে।

লক্ষণীয়ভাৱে বুধবাৰে পুঞ্চস্থিত এটা সশস্ত্ৰ আৰক্ষী ইউনিটৰ চৌহদৰ ভিতৰত বিস্ফোৰণ সংঘটিত হৈছিল। বিগত মাহৰ শেষৰ ফালেও অঞ্চলটোত সেনাবাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদী গোটে।

শেহতীয়া খবৰ অনুসৰি, এম্বুছ সংঘটিত হোৱা অঞ্চললৈ শক্তিবৰ্ধক বাহিনী প্ৰেৰণ কৰাৰ পিছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছে। পুঞ্চৰ ডেৰা কি গলি নামেৰে পৰিচিত এক অঞ্চলত সেনাৰ ট্ৰাকখন এম্বুছ কৰে সন্ত্ৰাসবাদীয়ে।

প্ৰতিৰক্ষাৰ বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, অঞ্চলটোলৈ সেনাৰ লগতে এম্বুলেন্সো ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। লক্ষণীয়ভাৱে বিগত কেইবছৰমানৰ পৰা এই অঞ্চলটো সেনাবাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত ৰাজৌৰী-পুঞ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ জন জোৱান নিহত হৈছিল। বিগত দুবছৰত অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত ৩৫ জনৰো অধিক জোৱান কাৰ্যত নিহত হৈছে।