NORTHEAST NOW (Assamese)

হৃদয় বিদাৰক! শুই থকা অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ তিনি ভগ্নীৰ মৃত্যু

February 12, 2024 5:11 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰত আজি পুৱতি নিশা সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ঘৰৰ ভিতৰত শুই থকা অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে তিনিগৰাকী ভগ্নীয়ে।

উপত্যকাটোৰ ৰামবান জিলাৰ এখন দূৰৱৰ্তী গাঁৱত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, তিনিও ভগ্নী শুই থকা অৱস্থাতে তেওঁলোকৰ ঘৰত জুই লাগে।

তিনিমহলীয়া ঘৰটো মুহূৰ্ততে জুইয়ে আগুৰি ধৰে, যাৰ ফলস্বৰূপে শুই থকা তিনিও ভগ্নীক উদ্ধাৰৰ কোনো ব্যৱস্থা সম্ভৱপৰ হৈ নুঠিল।

এনে পৰিস্থিতিত জীৱন্তে অগ্নিদগ্ধ হৈ শোকাৱহভাৱে প্ৰাণ হেৰুৱায় তিনিও ভগ্নীয়ে। ঘটনাৰ পিছতে অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হয়।

উদ্ধাৰকাৰী দলে কিছুসময়ৰ পিছতে তিনিও ভগ্নীৰ মৃতদেহ উদ্ধাৰ হয়। নিহত তিনি ভগ্নীক বিস্মা (১৮), চাইকা (১৪) আৰু ছানিয়া (১১) বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় প্ৰশাসনিক বিষয়াসকলে ঘৰটোত জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে। এই বিষয়ত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে বিষয়াসকলে।

Related News