NORTHEAST NOW (Assamese)
দেশ

শোকাৱহ! জম্মু-কাশ্মীৰত পথৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৩৭ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2023 5:06 pm
bus falls into gorge in Jammu Kashmir

এক হৃদয়বিদাৰক ঘটনাই শোকস্তব্ধ কৰি তুলিছে জম্মু-কাশ্মীৰ। উপত্যকাটোৰ ডোডা জিলাত আজি এখন যাত্ৰীবাহী বাছ পথৰ কাষৰ দ খাৱৈত বাগৰি পৰা ফলত ৩৭ জন লোকৰ মৃত্যু হয়।

ডোডা জিলাৰ আছাৰ অঞ্চলত আজি পুৱা সংঘটিত হয় এই ঘটনা। জে কে০২চিএন-৬৫৫৫ নম্বৰৰ পঞ্জীয়নভুক্ত বাছখনে ৫৬ জন যাত্ৰী কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, বাছখন বাট’টে-কিষ্টৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰুংগাল-আছাৰৰ সমীপত পথৰ পৰা প্ৰায় ৩০০ ফুট তললৈ বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই বাছখনৰ ৩৭ যাত্ৰীয়ে।

আনহাতে, বাছখনত থকা আন ১৯ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু যাত্ৰীসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলিও স্থানীয় বিষয়াসকলে সদৰী কৰে।

লগতে আহত লোকসকলক কাষৰীয়া চিকিৎসালয়লৈ লগে লগে প্ৰেৰণ কৰা হয় বুলি উল্লেখ কৰে প্ৰশাসনিক বিষয়াসকলে। ইফালে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই শোকাৱহ ঘটনাত প্ৰকাশ কৰি মৃতকৰ পৰিয়ালক সমবেদনা জনায়। এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ সাহাৰ্য ঘোষণা কৰে।