NORTHEAST NOW (Assamese)
ক্ৰীড়া

হিটমেনৰ ‘হিট’ ৰেকৰ্ড: ছিক্সাৰৰ অৰ্ধশতকেৰে ন-বিশ্বকাপ অভিলেখ স্থাপন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2023 4:18 pm
Rohit Sharma India vs New Zealand

‘হিটমেন’ ৰোহিত; ক্ৰিকেট বিশ্বত এই অভিধাৰেই পৰিচিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা। দুৰন্ত বেটিঙেৰে ক্ৰিকেট জগতত এই হিটমেন উপনাম অৰ্জন কৰিছে তাৰকাগৰাকীয়ে।

ছয়-চাৰিৰ ফুলজাৰিৰে বিপক্ষৰ বলাৰক ত্ৰাহি মধুসুধন দেখুওৱা ৰোহিত শৰ্মাই চলিত বিশ্বকাপত অব্যাহত ৰাখিছে বিস্ফোৰক শৈলীৰ গতিধাৰা। প্ৰতিখন মেচতে দলক দিছে এক সফল আৰম্ভণি।

আজি মুম্বাইৰ ৱাংখাড়েত নিউজিলেণ্ডৰ বিপক্ষে চলি থকা প্ৰথমখন ছেমিতো ৰোহিত শৰ্মাই ঘটায় অনুৰূপ আৰম্ভণি। নিউজিলেণ্ড বলিং এটেকক নিৰ্দয় প্ৰহাৰেৰে দিশহাৰা কৰা ৰোহিতে খেলে ২৯ বলত ৪৭ ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ।

এই চমু অথচ গুৰুত্বপূৰ্ণ ইনিংছটোত ৰোহিতে চাৰিটা চাৰিৰ লগতে কোবায় চাৰিটা ছয়। এই চাৰিটা ছয়ৰ দ্বাৰা তাৰকাগৰাকীয়ে বিশ্বকাপত ছিক্সাৰৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

লগে লগে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা খেলুৱৈ ৰূপে পৰিগণিত হয় ৰোহিত। এই ক্ষেত্ৰত ৰোহিত শৰ্মাই অতিক্ৰম কৰে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন তাৰকা ক্ৰিছ গেইলক।

ইউনিভাৰ্চ বচ খ্যাত গেইলৰ নামত বিশ্বকাপত আছিল ৪৯ টা ছয়ৰ ৰেকৰ্ড। গেইলে ২৭ খন মেচত ৪৯ টা ছয় কোবোৱাৰ বিপৰীতে ৰোহিতেও ২৭ খন মেচতে অৰ্জন কৰে বিশ্বকাপ ছিক্সাৰৰ অৰ্ধশতক।

এই দুই তাৰকাৰ পিছতে ৪৩ টা ছিক্সাৰেৰে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়ান তাৰকা গ্লেন মেক্সৱেল। আনহাতে ৩৭ টাকৈ ছিক্সাৰেৰে যুটীয়াভাৱে চতুৰ্থ স্থানত আছে এবি ডে ভিলিয়াৰ্চ আৰু ডেভিদ ৱাৰ্ণাৰ।

সমান্তৰালভাৱে ৰোহিত ক্ৰিকেট বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ছিক্সাৰৰো অভিলেখ গঢ়িছে। চলিত বিশ্বকাপত এইপৰ্যন্ত তাৰকাগৰাকীয়ে ২৭ টা ছয় কোবাইছে। ইয়াৰ পূৰ্বে ২০১৫ ৰ বিশ্বকাপত ২৬ টা ছয়েৰে শীৰ্ষত আছিল গেইল।