NORTHEAST NOW (Assamese)
Popular Stories

২০ বছৰীয়া দলিত যুৱকক প্রহাৰ উচ্চ বৰ্ণৰ যুৱতীৰ পিতৃৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2020 4:46 pm
দলিত

এগৰাকী উচ্চ বৰ্ণৰ যুৱতীৰ পিতৃয়ে প্ৰহাৰ কৰে এজন ২০ দলিত যুৱকক।

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ যুধপুৰত।

ঘটনাৰ বিৱৰণীৰ মতে ৰাহুল মেঘৱাল নামৰ দলিত যুৱকজন  উচ্চ বৰ্ণৰ তেওঁৰ বান্ধৱী এগৰাকী লগ কৰিবলৈ গৈ যুৱতীৰ গৰাকীৰ পিতৃৰ দ্বাৰা গুৰুতৰভাৱে প্ৰহৃত হ’বলগীয়া হয়।

যুধপুৰৰ বালদে নগৰত মটৰ চাইকেল মেকানিকৰূপে কৰ্মৰত যুৱকজনক উচ্চ বৰ্ণৰ যুৱতীগৰাকীৰ পিতৃৰ লগতে চাৰি-পাঁচজন পুৰুষ মহিলাই ৰ’ডেৰে আক্ৰমণ কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

আক্ৰান্ত যুৱকজনে পিঠি হাত আৰু মূৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

আহত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ইফালে উক্ত আক্ৰমণৰ ঘটনা সন্দৰ্ভত যুধপুৰৰ শাস্ত্ৰী নগৰ আৰক্ষী থানাত যুৱকজনে এজাহাৰ দাখিল কৰিছে।ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩২৩, ৩৪১, ৩৪২ আৰু ১৪৩ অধীনত গোচৰ তৰ হৈছে যদিও এতিয়ালৈকে আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্টাৰ কৰা নাই বুলি জানিব পৰা গৈছে।