NORTHEAST NOW (Assamese)
অসম

বোকাখাতত অসম আবৃত্তি মঞ্চৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2020 4:26 pm

“অসম আবৃত্তি মঞ্চ“ৰ চতুৰ্থ বাৰ্ষিক অধিবেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰয়াস কাব্যকানন, বোকাখাতৰ আতিথ্যত বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়।

২০১৬ চনৰ ৭ ফেব্ৰুৱাৰিত যোৰহাটত “অসম আবৃত্তি মঞ্চ“ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হৈছিল।

অসমৰ সমূহ আবৃত্তি শিল্পী, আবৃত্তি প্ৰশিক্ষক, আবৃত্তি কৰ্মী, আবৃত্তি প্ৰেমী, আবৃত্তি গৱেষক,  সমালোচক একত্ৰিত হোৱাৰ মানসেৰে আৰু আবৃত্তি শিল্পৰ সমান্তৰালকৈ অসমীয়া ভাষাৰ চৰ্চাৰ উদ্দেশ্যত এই অনুষ্ঠানৰ জন্ম হৈছিল।

আবৃত্তিকাৰ, সাহিত্যিক পেন্সনাৰ শান্তিছায়া শ‌ইকীয়াৰ নেতৃত্বত গঢ় লৈ উঠা এই অনুষ্ঠানটোৱে ইতিমধ্যে সফলতাৰে চাৰিবছৰ সম্পূৰ্ণ কৰে।

আজি এই উপলক্ষে অনুষ্ঠিত কাৰ্য্যসূচীত পুৱাতেই “অসম আবৃত্তি মঞ্চ“ৰ কাৰ্য্যকৰী সমিতিৰ এখন বিশেষ বৈঠক মঞ্চৰ সভাপতি,  আবৃত্তিপ্ৰাণ, অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ শান্তিছায়া শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হয়৷

ইয়াৰ পিছতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় মূল অধিৱেশন৷ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি বোকাখাতৰ নিজৰা বৰঠাকুৰে৷

“পৰিৱেশ্য কলা আবৃত্তি“ গ্ৰন্থৰ ৰচক,  প্ৰয়াস কাব্যকানন বোকাখাতৰ সঞ্চালিকা ড০ গায়ত্ৰী বৰা কাকতীয়ে আঁত ধৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন স্থানৰ পৰা অহা আবৃত্তি মঞ্চৰ কাৰ্য্যবাহী সদস্য আৰু কেন্দ্ৰপ্ৰমুখসকলক চিনাকি কৰি সম্বৰ্ধনা জনোৱা হয়৷

Asom Abriti Mancha
অসম আবৃত্তি মঞ্চৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ এটা দৃশ্য। ২৩ ফেব্ৰুৱাৰিত।

অসম আবৃত্তি মঞ্চৰ তৰফৰ পৰা আবৃত্তিৰ শিক্ষক,  আবৃত্তি সংগঠক, ‘প্ৰয়োগ শিল্প আবৃত্তি‘, ‘আবৃত্তি শিকো আহা‘ আদি কেইবাখনো গ্ৰন্থৰ লেখক গোলাপ চন্দ্ৰ বৰাৰ পত্নী খগমাই বৰাক সম্বৰ্ধনা জনোৱা হয়৷

অধিৱেশনৰ মঞ্চ উন্মোচন কৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক, সুলেখিকা ড০ ৰুবী বৰাই৷

উদ্দেশ্য ব্যাখ্যা কৰে আবৃত্তি মঞ্চৰ সহকাৰী সম্পাদক প্ৰণৱ কুমাৰ বৰপাত্ৰগোহাঞিয়ে৷

ইয়াৰ পিছেতে অসমৰ বিভিন্ন স্থানৰ কেইবাখনো আবৃত্তি বিদ্যালয়ৰ শিশু আৰু মহিলাসকলে দলীয় আলেখ্য প্ৰদৰ্শন কৰে৷

ইয়াৰোপৰি অসমৰ প্ৰতিষ্ঠিত কবি অজিত গগৈয়ে আবৃত্তিমঞ্চৰ ৫ম সংখ্যক বাৰ্তালোচনী “আবৃত্তিবাৰ্তা“খন উন্মোচন কৰে৷ “আবৃত্তিবাৰ্তা“ৰ সম্পাদক জিতুমণি শইকীয়া আৰু কৈশৱ প্ৰতিম বৰুৱা৷

নিজৰ ভাষণত কবি অজিত গগৈ কয় যে এনে অনুষ্ঠানে শব্দালংকাৰ, প্ৰতীক, ব্যঞ্জনা আদিৰ দৰে আপাততঃ কঠিন ধাৰণাবোৰত শিশু আৰু প্ৰাপ্তবয়স্ক সকলোকে উপকৃত কৰিব৷

Asom Abriti Mancha-2
অসম আবৃত্তি মঞ্চৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ এটা দৃশ্য। ২৩ ফেব্ৰুৱাৰিত।

অনুষ্ঠানত লেখক কল্পনা চেতিয়া,  তেজপুৰৰ আবৃত্তিকাৰ অৰুন্ধতী পদ্মাপতিয়ে নিজৰ ভাব প্ৰকাশ কৰে৷

শেষত শলাগৰ শৰাই আগ বঢ়ায় অসম আবৃত্তিমঞ্চৰ সম্পাদক ৰাজীৱ বল্লভ গোস্বামীয়ে৷ অসম সংগীত “অ’ মোৰ আপোনাৰ দেশ”-এৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয়ষ।

অনুষ্ঠানটোৰ সফল সমাপ্তিত প্ৰয়াস কাব্য কানন, বোকাখাতৰ সঞ্চালিকা ড০ গায়ত্ৰী বৰা কাকতী আৰু কেন্দ্ৰ ব্যৱস্থাপক ইনজু আহমেদে সকলোকে ধন্যবাদ জনায়৷