NORTHEAST NOW (Assamese)

উৰিষ্যাত গৰুৰ পেটত ওলাল ৩০ কিলোগ্ৰাম প্লাষ্টিক

August 3, 2023 5:33 pm · এন ই নাও নিউজ, গুৱাহাটী

উৰিষ্যাৰ বেৰহামপুৰৰ চৰকাৰী পশু চিকিৎসা চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। হাস্পাতাল খনৰ চিকিৎসকে অস্ত্ৰোপচাৰৰ দ্বাৰা এটা গৰুৰ পেটৰ পৰা উলিয়াই আনিছে ২০ কিলোগ্ৰাম ওজনৰ প্লাষ্টিক।

মুখ্য জিলা পশু চিকিৎসা বিষয়া মনোজ কুমাৰে জনোৱা মতে, বুধবাৰে এটা ১০ বছৰীয়া গৰুৰ পেটৰ পৰা চিকিৎসক সত্য নাৰায়ণ কাৰৰ নেতৃত্বত পশুচিকিৎসক সকলে চাৰি ঘণ্টাৰ দীঘলীয়া অস্ত্ৰোপচাৰৰ অন্তত প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ প্লাষ্টিক নিষ্কাষণ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, বাটেপথে মানুহে পেলোৱা পলিথিন ভক্ষণ কৰি অসুস্থ হৈ পৰিছিল জন্তুটো। 

জানিব পৰা মতে, পলিথিনখিনি অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই দিয়াৰ পিছত এতিয়া গৰুটো সুস্থ হৈ উঠিছে। চিকিৎসকৰ পৰ্যবেক্ষণত এসপ্তাহ চিকিৎসালয়ত থাকিব দুৰ্ভগীয়া জন্তুটো।

 উল্লেখ্য যে, যোৱা বছৰো চিকিৎসালয়খনৰ চিকিৎসকে একেদৰেই ইয়াৰ এটা বিপথগামী গৰুৰ পেটৰ পৰা প্ৰায় ১৫ কেজি পলিথিন বাহিৰ কৰিছিল।

Related News