NORTHEAST NOW (Assamese)

বাংলাদেশৰ বুঢ়ীগংগা নদীত শোকাৱহ নাও দুৰ্ঘটনা; ৩০ গৰাকী লোকৰ কৰুণ জলসমাধি

June 29, 2020 4:16 pm · এন ই নাও নিউজ

বাংলাদেশৰ বুঢ়ীগংগা নদীত আজি সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত এতিয়ালৈ ৩০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

এখন নাৱে অন্য এখন নাওত খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

উদ্ধাৰকাৰী দলে এতিয়ালৈ ১৯ গৰাকী পুৰুষ, ৮ গৰাকী মহিলা আৰু তিনি গৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আজি ৰাতিপুৱা মুঞ্চিগঞ্জৰ পৰা ঢাকা অভিমুখে আহি থকা মৰ্ণি বাৰ্ড নামৰ এখন নাৱক ময়ুৰ-২ নামৰ অন্য এখন নাৱে খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

স্থানীয় আৰক্ষীয়ে উল্লেখ কৰা মতে, দুৰ্ঘটনাগ্ৰস্ত নাৱখনত ১০০ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল।

বাংলাদেশৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে ময়ুৰ-২ নামৰ দুৰ্ঘটনা সংঘটিত নাৱখন আটক কৰে যদিও নাৱখনৰ কেপ্তেইন আৰু অন্যান্য কৰ্মীসকলে পলায়ন কৰিবলৈ সক্ষম হয়।

বাংলাদেশ আভ্যন্তৰীণ জল পৰিবহন বিভাগে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰি দিছে আৰু কমিটিক দুৰ্ঘটনাৰ বিষয়ে ৰিপোৰ্ট দাখিলৰ নিৰ্দেশ দিছে।

Related News